কমনৱেলথ গেমছত  সফলতা অৰ্জন কৰা খেলুৱৈলৈ শুভেচ্ছা লোক সভাৰ অধ্যক্ষৰ…

কমনৱেলথ গেমছত  সফলতা অৰ্জন কৰা খেলুৱৈলৈ শুভেচ্ছা লোক সভাৰ অধ্যক্ষৰ…

author-image
asomiyapratidin
New Update
কমনৱেলথ গেমছত  সফলতা অৰ্জন কৰা খেলুৱৈলৈ শুভেচ্ছা লোক সভাৰ অধ্যক্ষৰ…

ডিজিটেল ডেস্কঃ কমনৱেলথ গেমছত ভাৰতে লাভ কৰিছে আশানুৰূপ সফলতা । এই পৰ্যন্ত ভাৰতে তিনিটা সোণৰ , দুটা ৰূপৰ আৰু এটা ব্ৰঞ্জৰ পদক লাভ কৰি পদক তালিকাৰ ষষ্ঠ স্থানত আছে । ভাৰতৰ হৈ মীৰাবাই চানু, জেৰেমি লালৰিনুঙ্গা আৰু  অচিন্ত শৌলিয়ে সোণৰ পদক , বিন্দিয়াৰাণী দেৱী আৰু সংকেত সাৰ্গৰে ৰূপৰ পদক আৰু গুৰুৰাজা পুজাৰাই এটা ব্ৰঞ্জৰ পদক লাভ কৰিছে ।

Advertisment

কমনৱেলথ গেমছত দেশৰ হৈ প্ৰতিধিত্ব কৰি সফলতা অৰ্জন কৰা খেলুৱৈসকলক  প্ৰধানমন্ত্ৰী মোডী তথা আন আন বিশিষ্ট ব্যক্তিৰ লগতে শুভেচ্ছা জ্ঞাপন কৰে লোকসভাৰ অধ্যক্ষ ওম বিৰলাই । ওম বিৰলাই কয় যে- মই নিশ্চিত যে, কমনৱেলথ গেমছৰ খেলুৱৈ সকলৰ পৰা দেশৰ যুৱ প্ৰজন্ম অনুপ্ৰাণিত হ'ব ।


— ANI (@ANI) August 1, 2022

উল্লেখ্য যে, আজিৰ দিনটোত বাৰ্মিংহামত বহু কেইখন নিৰ্ণায়ক খেলত ভাৰতৰ খেলুৱৈয়ে অংশগ্ৰহণ কৰিব। সেয়েহে সন্ধিয়ালৈকে পদক তালিকাত পদকৰ সংখ্যা বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে। আনহাতে ভাৰতৰ মহিলা লন বল দলটোৱে নিউজিলেণ্ডৰ বিৰুদ্ধে ছেমি ফাইনেলত অংশগ্ৰহণ কৰিব। ভাৰতীয় মহিলা লন বল দলটোত আছে অসমৰ নয়নমণি শইকীয়াও।   

আৰু পঢ়কঃ  পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীৰ বিৰুদ্ধে দিল্লীত প্ৰতিবাদ…

cwg om birla