২০৩০ চনৰ ভিতৰত ভাৰত চৰকাৰে চাৰিগুণ বৃদ্ধি কৰিব ইলেক্ট্ৰনিকছ সামগ্ৰীৰ উৎপাদন

ছেমি কণ্ডাক্টৰ নিৰ্মাণৰ ক্ষেত্ৰত ইতিমধ্যে ১৮ বিলিয়ন মাৰ্কিন ডলাৰতকৈ অধিক বিনিয়োগ চলি আছে। এই বিনিয়োগসমূহ ২০২৬ চনত কাম আৰম্ভ হ’বলগীয়া টাইৱানৰ পিএছএমচিৰ সৈতে টাটা ইলেক্ট্ৰনিক্সৰ ১১ বিলিয়ন মাৰ্কিন ডলাৰৰ চিপ ফেবকে ধৰি পাঁচটা মূল প্ৰকল্পত বিয়পি পৰিছে।

author-image
Asomiya Pratidin
আপডেট কৰা হৈছে
New Update
'ছেমিকণ্ডাক্টৰ হাব' হোৱাৰ দিশে ভাৰত

'ছেমিকণ্ডাক্টৰ হাব' হোৱাৰ দিশে ভাৰত

ডিজিটেল ডেস্ক: অনুকূল চৰকাৰী নীতি, ক্ৰমবৰ্ধমান চাহিদা, কম খৰচী উৎপাদন ক্ষমতা, আৰু পশ্চিমীয়া ৰাষ্ট্ৰৰ সৈতে কৌশলগত সংযোগে ভাৰতক ছেমি কণ্ডাক্টৰ হাব  (semiconductor hub) হিচাপে গঢ়ি তুলিছে। জেফ্ৰিজৰ শেহতীয়া প্ৰতিবেদনত প্ৰকাশ পাইছে এই তথ্য। প্ৰতিবেদন অনুসৰি চৰকাৰৰ পৰা পোৱা বিত্তীয় প্ৰৰোচনা, কম উৎপাদন ব্যয়, প্ৰতিভাৱান ডিজাইন কৰ্মশক্তি আৰু বৃদ্ধি পোৱা চাহিদা ইয়াৰ সুবিধাজনক কাৰক, যিয়ে এই খণ্ডটোক সহায় কৰিছে।

Advertisment

এই প্ৰতিবেদনত উল্লেখ কৰা অনুসৰি, ছেমিকণ্ডাক্টৰ নিৰ্মাণৰ ক্ষেত্ৰত ইতিমধ্যে ১৮ বিলিয়ন মাৰ্কিন ডলাৰতকৈ অধিক বিনিয়োগ চলি আছে। এই বিনিয়োগসমূহ ২০২৬ চনত কাম আৰম্ভ হ’বলগীয়া টাইৱানৰ পিএছএমচিৰ সৈতে টাটা ইলেক্ট্ৰনিক্সৰ ১১ বিলিয়ন মাৰ্কিন ডলাৰৰ চিপ ফেবকে ধৰি পাঁচটা মূল প্ৰকল্পত বিয়পি পৰিছে। চৰকাৰৰ সৈতে জেফ্ৰিজৰ পাৰস্পৰিক ক্ৰিয়া-কলাপ অনুসৰি ভাৰত চৰকাৰে ২০৩০ চনৰ ভিতৰত ইলেক্ট্ৰনিকছ উৎপাদন চাৰিগুণ বৃদ্ধি কৰি ৫০০ বিলিয়ন মাৰ্কিন ডলাৰ কৰাৰ লক্ষ্য ৰাখিছে।

আনহাতে এই প্ৰতিবেদনৰ মতে, ভাৰতীয় ইলেক্ট্ৰনিকছ খণ্ডত সম্প্ৰতি দ্ৰুত উন্নতি হৈছে। ইয়াৰ প্ৰধান কাৰণ হৈছে বৃদ্ধি পোৱা আয়, ডিজিটেল গ্ৰহণ, আৰু ইলেক্ট্ৰনিক সামগ্ৰীৰ বৰ্ধিত চাহিদা। ২০২৪ চনৰ বিত্তীয় বৰ্ষত ভাৰতৰ ইলেক্ট্ৰনিকছ আমদানি ৬০ বিলিয়ন মাৰ্কিন ডলাৰ হয়, যিটো দেশৰ বাণিজ্যিক ঘাটিৰ ২৫ শতাংশ। ইয়াৰ ফলত ভাৰত চৰকাৰে ঘৰুৱা ইলেক্ট্ৰনিকছ উৎপাদনৰ ক্ষেত্ৰত কেইবাটাও পদক্ষেপ আৰু সাহসী স্থিতি গ্ৰহণ কৰিছে। উৎপাদন বৃদ্ধি আৰু আমদানি নিৰ্ভৰশীলতা হ্ৰাস কৰাত ক্ষেত্ৰতো গুৰুত্ব আৰোপ কৰিছে ভাৰতে।

ছেমি কণ্ডাক্টৰ economy Indian Economy