এইবাৰৰ ব্ৰীকছ সন্মিলনত ভাৰতৰ ভূমিকা হ'ব অতিকৈ গুৰুত্বপূৰ্ণ...

ব্ৰীকছ সন্মিলনত এইবাৰ বিশেষ ভূমিকা পালন কৰিব ভাৰতে। এই কথা শেহতীয়াকৈ ঘোষণা কৰিছে ব্ৰিকছ চেম্বাৰ অৱ কমাৰ্চ এণ্ড ইণ্ডাষ্ট্ৰীৰ অধ্যক্ষ হৰবংশ চাওলাই। ভাৰতৰ গুৰুত্বতাৰ ওপৰত

author-image
Asomiya Pratidin
New Update
briid

ডিজিটেল ডেস্কঃ ব্ৰীকছ সন্মিলনত এইবাৰ বিশেষ ভূমিকা পালন কৰিব ভাৰতে। এই কথা শেহতীয়াকৈ ঘোষণা কৰিছে ব্ৰিকছ চেম্বাৰ অৱ কমাৰ্চ এণ্ড ইণ্ডাষ্ট্ৰীৰ অধ্যক্ষ হৰবংশ চাওলাই। ভাৰতৰ গুৰুত্বতাৰ ওপৰত আলোকপাত কৰি কয় যে, “আমাৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে গ্ৰহণ কৰা ভিন্ন  পদক্ষেপৰ বাবে এইবাৰ ব্ৰিকছত ভাৰতৰ উল্লেখযোগ্য ভূমিকা আছে।

Advertisment

উল্লেখ্য যে,  ৬ জুলাইৰ পৰা ৭ জুলাইলৈ ৰিঅ’ ডি জেনেইৰ’ত অনুষ্ঠিত হ’বলগীয়া ১৭ সংখ্যক ব্ৰীকছ সন্মিলনত অংশগ্ৰহণৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ৫ জুলাইৰ পৰা ৮ জুলাইলৈ ব্ৰাজিল ভ্ৰমণ কৰিব। 

চাওলাই এই কথাত গুৰুত্ব আৰোপ কৰে যে ২০২৬ চনত ভাৰতে ব্ৰীকছ সন্মিলনৰ আয়োজক দেশ হ’ব আৰু পৰৱৰ্তী বছৰৰ বাবে গ্ৰুপিঙৰ অধ্যক্ষতা কৰিব। তেওঁ কয় যে ২০২৬ চনত ভাৰত ব্ৰিকছ সন্মিলনৰ আয়োজক দেশ হ’ব, আৰু অহা এবছৰৰ বাবে ভাৰত ব্ৰীকছৰ অধ্যক্ষ হ’ব।

ভাৰত