/asomiyapratidin/media/media_files/2025/05/11/xjCMRJBk0kMcKWRZmHmD.jpg)
উপযুক্ত প্ৰতিকাৰৰ বাবে সেনাক সম্পূৰ্ণ কৰ্তৃত্ব প্ৰদান
ডিজিটেল ডেস্কঃ পাকিস্তানে পুনৰ যুদ্ধবিৰতি উলংঘা কৰিলে ভাৰতেও দিব যোগ্য প্ৰত্যুত্তৰ। ইতিমধ্যে সীমান্তত থকা ভাৰতীয় সেনাক সেউজ সংকেত দিছে ভাৰতীয় সেনা মুৰব্বী জেনেৰেল উপেন্দ্র দ্বিবেদীয়ে ৷ ভাৰত চৰকাৰে ১০ মে’ শনিবাৰে যুদ্ধবিৰতি উলংঘা কৰাৰ পাছত পাকিস্তান সীমান্ত অঞ্চলত নিয়োজিত সেনা অধিনায়কসকলক উপযুক্ত প্ৰতিকাৰৰ বাবে সম্পূৰ্ণ কৰ্তৃত্ব প্ৰদান কৰিছে। এই কথা ভাৰতীয় সেনাবাহিনীয়ে ছ’চিয়েল মিডিয়া প্লেটফৰ্ম এক্সৰ জৰিয়তে জানিবলৈ দিছে।
ভাৰতীয় সেনাৰ আনুষ্ঠানিক ঘোষণা অনুসৰি, “২০২৫ চনৰ ১০ মে’ৰ ডিজিএমঅ’ আলোচনাৰ ভিত্তিত হোৱা বুজাবুজিৰ যিকোনো উলংঘাৰ ক্ষেত্ৰত গতিশীল ডমেইনত প্ৰতিহত কৰাৰ বাবে #COAS-এ সেনা অধিনায়কসকলক সম্পূৰ্ণ কৰ্তৃত্ব প্ৰদান কৰিছে।”
ভাৰতীয় সেনাই পাকিস্তানে যুদ্ধবিৰতি উলংঘা কৰা বুলি স্বীকাৰ কৰিছে আৰু ভাৰতৰ সেনা মুৰব্বীগৰাকীয়ে তেওঁৰ পশ্চিম সীমান্তৰ সেনাৰ অধিনায়কসকলৰ সৈতে নিৰাপত্তা পৰিস্থিতিৰ পৰ্যালোচনা কৰিছে। ইফালে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়েও ডি-এস্কেলেচন ঘোষণাৰ এদিন পিছতে দেওবাৰে বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰ, প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিংকে ধৰি তেওঁৰ শীৰ্ষ চৰকাৰী বিষয়াসকলৰ সৈতে এক উচ্চ পৰ্যায়ৰ বৈঠক অনুষ্ঠিত কৰে।