/asomiyapratidin/media/media_files/2025/03/15/kDGvbW13FRZUlkTKvmFW.jpg)
ডিজিটেল ডেস্ক : ভাৰতীয় মহাকাশ গৱেষণাখণ্ডলৈ সুখবৰ। ২০১৫ ৰ পৰা ২০২৪ চনলৈকে ভাৰতে বিদেশী উপগ্ৰহ উৎক্ষেপণ কৰি যথেষ্ট লাভৱান হৈছে।
উক্ত সময়ছোৱাত ভাৰতে কেইবাখনো বিদেশী ৰাষ্ট্ৰৰ উপগ্ৰহ উৎক্ষেপণ কৰি ১৪৩ মিলিয়ন মাৰ্কিন ডলাৰ ৰাজহ আহৰণ কৰিছে। লোকসভাত এই কথা ৰাজহুৱা কৰিছে মহাকাশখণ্ডৰ কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী জিতেন্দ্ৰ সিঙে।
উল্লেখযোগ্য যে ২০১৫ৰ জানুৱাৰীৰ পৰা ২০২৪ৰ ডিচেম্বৰলৈকে ইছৰোৰ পি এছ এল ভি, এল ভি এম-৩ আৰু এছ এছ এল ভি ৰকেটৰ জৰিয়তে মুঠ ৩৯৩ টা বিদেশী উপগ্ৰহ উৎক্ষেপণ কৰিছিল। অৱশ্যে ইয়াৰে ভাৰতে ক্ৰয় কৰিছিল ৩টা উপগ্ৰহ।
আমেৰিকা, বৃটেইন, ছিংগাপুৰ, কানাডা, কোৰিয়া, ইটালী, জাৰ্মানী, বেলজিয়াম, ফিনলেণ্ড, ফ্ৰান্স, ছুইজাৰলেণ্ড, জাপান, নেদাৰলেণ্ড, স্পেইন, অষ্ট্ৰেলিয়াকে ধৰি কেইবাখনো বিদেশী ৰাষ্ট্ৰৰ উপগ্ৰহ উৎক্ষেপণ কৰিছে ভাৰতে। উল্লেখযোগ্য যে আমেৰিকাৰ সৰ্বাধিক ২৩২ টা উপগ্ৰহ উৎক্ষেপণ কৰিছে ইছৰোৱে।
কেন্দ্ৰীয় মন্ত্ৰী সিঙে জনোৱা অনুসৰি অনাগত সময়ত ভাৰতে ইছৰোৰ দ্বাৰা আৰু কেইবাটাও উপগ্ৰহ উৎক্ষেপণৰ প্ৰকল্প হাতত লৈছে। ইতিমধ্যে ৬১খন দেশৰ আৰু ৫টা সংস্থাৰ সৈতে কেন্দ্ৰীয় চৰকাৰে আলোচনা কৰি চুক্তিত স্বাক্ষৰ কৰিছে।