প্ৰথমবাৰৰ বাবে সাগৰীয় পথেৰে আমেৰিকা পালেগৈ ভাৰতৰ ১৪টন ডালিম...

ভিন্ন ক্ষেত্ৰত ভাৰতৰ পৰা বিদেশলৈ ৰপ্তানিৰ পৰিমাণ দিনকদিনে বৃদ্ধি পাইছে। শেহতীয়াকৈ এক অভিলেখ সৃষ্টি কৰি প্ৰথমবাৰৰ বাবে সাগৰীয় পথেৰে আমেৰিকা পায়গৈ ভাৰতৰ ডালিম। 

author-image
Asomiya Pratidin
New Update
ijijl

ডিজিটেল ডেস্কঃ ভিন্ন ক্ষেত্ৰত ভাৰতৰ পৰা বিদেশলৈ ৰপ্তানিৰ পৰিমাণ দিনকদিনে বৃদ্ধি পাইছে। শেহতীয়াকৈ এক অভিলেখ সৃষ্টি কৰি প্ৰথমবাৰৰ বাবে সাগৰীয় পথেৰে আমেৰিকা পায়গৈ ভাৰতৰ ডালিম।  উল্লেখ কৰা প্ৰয়োজন যে,  ভাৰতে প্ৰথমবাৰৰ বাবে সাগৰীয় পথৰ জৰিয়তে আমেৰিকালৈ ১৪ টন ডালিম ৰপ্তানি কৰিছে।

ভাৰত চৰকাৰে সদৰি কৰা অনুসৰি, ভাৰতে ৪৬২০টা বাকচত প্ৰায় ১৪ টন ডালিম জাহাজেৰে প্ৰেৰণ কৰিছিল আমেৰিকালৈ। যিটো যোৱা মাহত আমেৰিকাৰ ইষ্ট ক’ষ্টত উপস্থিত হৈছেগৈ। উল্লেখ্য যে, পূৰ্বে ভাৰতৰ পৰা বিমানযোগে এনে ৰপ্তানি কৰা হৈছিল যদিও প্ৰথমবাৰৰ বাবে সাগৰীয় পথেৰে ৰপ্তানি সম্পন্ন কৰে ভাৰতে। 

ভাৰত