/asomiyapratidin/media/media_files/2025/06/25/un-ss-2025-06-25-11-58-55.jpg)
ডিজিটেল ডেস্কঃ ২০২৫ চনৰ বহনক্ষম উন্নয়ন প্ৰতিবেদন (Sustainable Development Report)-এ ভাৰতৰ বাবে কঢ়িয়াই আনিছে আশাৰ খবৰ। প্ৰথমবাৰৰ বাবে বহনক্ষম উন্নয়ন প্ৰতিবেদনত ভাৰতে শীৰ্ষ ১০০ ৰ ভিতৰত স্থান লাভ কৰিছে।
শেহতীয়াকৈ প্ৰকাশ পোৱা এই প্ৰতিবেদনত ভাৰতে ৯৯ সংখ্যক স্থান অধিকাৰ কৰিছে। এই প্ৰতিবেদনত ভাৰতৰ মুঠ স্ক’ৰ হৈছে ৬৭। মঙলবাৰে ৰাষ্ট্ৰসংঘৰ Sustainable Development Solutions Network-এ প্ৰকাশ কৰিছে এই প্ৰতিবেদন।
উল্লেখ্য যে, ২০২৪ চনত এই একেখন প্ৰতিবেদনত ভাৰতৰ স্থান আছিল ১০৯। যোৱা এটা বছৰৰ অন্তত ভাৰতে পূৰ্বৰ ১০৯ নং স্থানৰ পৰা ১০ টা স্থান আগুৱাই আহি এইবাৰ শীৰ্ষ ১০০ত প্ৰবেশ কৰি ৯৯ সংখ্যক স্থান অধিকাৰ কৰিছে।
ভাৰতৰ চুবুৰীয়া চীনে্ ৭৪.৪ স্ক’ৰৰ জৰিয়তে এই তালিকাত ৪৯ নং স্থানত আছে। সেইদৰে আমেৰিকাই ৭৫.২ স্ক’ৰৰ সহায়ত ৪৪ সংখ্যক স্থান লাভ কৰিছে।
ভাৰতৰ চুবুৰীয়া আন কেইখনমান দেশৰ এই তালিকাত স্থান হৈছে ক্ৰমে
• ভুটান: ৭৪তম (৭০.৫)
• নেপাল: ৮৫তম (৬৮.৬)
• বাংলাদেশ: ১১৪তম (৬৩.৯)
• পাকিস্তান: ১৪০তম (৫৭)
• মালদ্বীপ: ৫৩তম
• শ্রীলংকা: ৯৩তম
স্মৰ্তব্য, এই সূচক ৰাষ্ট্ৰসংঘৰ ১৭টা ছাচটেইনেবল ডেভলপমেণ্ট গোল (SDGs)-ৰ ভিত্তিত প্ৰস্তুত কৰা হয়। ইয়াত স্ক’ৰ ১০০ হ’লে সকলো লক্ষ্য সফল বুলি গণ্য কৰা হয়। প্ৰতিবেদন অনুসৰি পূৰ্বৰ দৰে এইবাৰো ইউৰোপীয় দেশবোৰেই সূচকৰ শীৰ্ষ স্থান দখল কৰি আছে — ফিনলেণ্ড, ছুইডেন আৰু ডেনমাৰ্ক যথাক্ৰমে ১ম, ২য় আৰু ৩য় স্থানত আছে।
অৱশ্যে এইসমূহ দেশো জলবায়ু পৰিৱর্তন আৰু জৈৱ-বৈচিত্ৰ্য সংকটৰ মুখামুখি হৈছে। এছিয়াত বিশেষকৈ পূব আৰু দক্ষিণ এছিয়া অঞ্চলত ২০১৫ৰ পৰাহে আটাইতকৈ বেছি অগ্ৰগতি হৈছে।