/asomiyapratidin/media/media_files/2025/04/10/2L2Osxcjao49yGyEjkFe.jpg)
বাংলাদেশৰ বিৰুদ্ধে কঠোৰ ভাৰত
ডিজিটেল ডেস্ক: বাংলাদেশৰ তত্ত্বাৱধায়ক চৰকাৰৰ মুৰব্বী মহম্মদ ইউনুছৰ এটা বিতৰ্কিত মন্তব্যৰ বাবে ৰোষত পৰিল ভাৰত চৰকাৰৰ। যাৰবাবে বাংলাদেশৰ বিৰুদ্ধে ভাৰতে ল'লে কঠোৰ সিদ্ধান্ত। ভাৰতৰ মাজেৰে বিদেশলৈ বাংলাদেশী সামগ্ৰী ৰপ্তানিৰ ক্ষেত্ৰত জাৰি কৰিলে নিষেধাজ্ঞা। ভাৰতে বন্দৰ আৰু বিমানবন্দৰলৈ যোৱা পথত ভাৰতীয় স্থল শুল্ক ষ্টেচন ব্যৱহাৰ কৰি বাংলাদেশৰ পৰা তৃতীয় দেশলৈ সামগ্ৰী ৰপ্তানিৰ অনুমতি দিয়া ট্ৰেন্স-শ্বিপমেণ্ট সুবিধা বন্ধ কৰি দিছে বুলি চৰকাৰী বিজ্ঞপ্তিযোগে প্ৰকাশ কৰিছে। পূৰ্বে ইয়াৰ ফলত ভূটান, নেপাল, ম্যানমাৰৰ দৰে দেশলৈ বাংলাদেশৰ ৰপ্তানিৰ বাবে মসৃণ বাণিজ্যিক প্ৰবাহ সক্ষম কৰি তুলিছিল। ভাৰতে বাংলাদেশক ২০২০ চনৰ জুন মাহত এই অনুমতি প্ৰদান কৰিছিল। ইয়াৰ জৰিয়তে ভাৰতৰ তথাকথিত শিলিগুৰি 'চিকেন কৰিডৰেৰে' নেপাল, ভূটানৰ লগতে ত্ৰিপুৰাইদি ম্যানমাৰ লৈ বাণিজ্য চলাই নিছিল বাংলাদেশে।
বাণিজ্য বিশেষজ্ঞসকলৰ মতে, এই সিদ্ধান্তই ভাৰতৰ বহু ৰপ্তানি খণ্ড যেনে পোছাক, জোতা, আৰু ৰত্ন আৰু গহনা আদিক সহায় কৰিব। কিয়নো বস্ত্ৰ খণ্ডত বাংলাদেশ ভাৰতৰ ডাঙৰ প্ৰতিদ্বন্দ্বী আছিল। ভাৰত চৰকাৰে কৰা এই প্ৰত্যাহাৰৰ ফলত তৃতীয় দেশৰ বাণিজ্যৰ বাবে ভাৰতীয় আন্তঃগাঁথনিৰ ওপৰত নিৰ্ভৰশীল বাংলাদেশৰ ৰপ্তানি আৰু আমদানি লজিষ্টিকত ব্যাঘাত জন্মাব বুলি আশা কৰা হৈছে। ভাৰত, বাংলাদেশকে ধৰি কেইবাখনো দেশৰ বিৰুদ্ধে আমেৰিকাই ব্যাপক শুল্ক আৰোপ কৰাৰ সময়তে ভাৰতে লোৱা এই সিদ্ধান্তৰ ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।
উল্লেখযোগ্য যে, অলপতে চাৰিদিনীয়া চীন ভ্ৰমণৰ বাবে গৈছিল মহম্মদ ইউনুছ। ভ্ৰমণকালত উত্তৰপূবক 'লেণ্ডলকড' বুলি উল্লেখ কৰিছিল মহম্মদ ইউনুছে। ইয়াৰ পাছতে বাংলাদেশৰ বিৰুদ্ধে কঠোৰ স্থিতি গ্ৰহণ কৰিলে ভাৰতে। আনকি ইতিমধ্যে ভাৰতৰ প্ৰৱেশ কৰা বাংলাদেশী সামগ্ৰী তুৰন্তে ঘূৰাই নিবলে নিৰ্দেশ দিলে বাংলাদেশক। আনহাতে, মহম্মদ ইউনুছৰ নেতৃত্বত গঠিত অন্তৱৰ্তীকালীন চৰকাৰে বাংলাদেশৰ সংখ্যালঘু বিশেষকৈ হিন্দুসকলৰ ওপৰত আক্ৰমণ নিয়ন্ত্ৰণ কৰাত ব্যৰ্থ হোৱাৰ পিছত ভাৰত-বাংলাদেশৰ সম্পৰ্ক কিছুদিন পূৰ্বৰ পৰাই কেৰোণ লাগিছিল। শেহতীয়াকৈ দেশখন বিৰুদ্ধে কঠোৰস্থিতি গ্ৰহণ কৰা কাৰ্যই বিশ্বজুৰি ব্যাপক চৰ্চা লাভ কৰিছে।