২.১ ট্ৰিলিয়ন ডলাৰৰ পৰা ২০২৫ চনত ৪.৩ ট্ৰিলিয়ন ডলাৰলৈ বৃদ্ধি পাইছে দেশৰ জিডিপি

বিগত ১০ বছৰত দুগুণ বৃদ্ধি হৈছে ভাৰতৰ জিডিপি। ২০১৫ চনৰ ২.১ ট্ৰিলিয়ন ডলাৰৰ পৰা ২০২৫ চনত ৪.৩ ট্ৰিলিয়ন ডলাৰলৈ বৃদ্ধি পাইছে জিডিপি। ভাৰতৰ জিডিপি বৃদ্ধি হৈ হৈছেগৈ ১০৫ শতাংশ।

author-image
Asomiya Pratidin
New Update
১০ বছৰত ভাৰতৰ দুগুণ জিডিপি বৃদ্ধি

১০ বছৰত ভাৰতৰ দুগুণ জিডিপি বৃদ্ধি

ডিজিটেল ডেস্ক: বিগত ১০ বছৰত দুগুণ বৃদ্ধি হৈছে ভাৰতৰ জিডিপি। ২০১৫ চনৰ ২.১ ট্ৰিলিয়ন ডলাৰৰ পৰা ২০২৫ চনত ৪.৩ ট্ৰিলিয়ন ডলাৰলৈ বৃদ্ধি পাইছে জিডিপি। ভাৰতৰ জিডিপি বৃদ্ধি হৈ হৈছেগৈ ১০৫ শতাংশ। একে সময়ছোৱাত আমেৰিকা আৰু চীনৰ জিডিপি ক্ৰমে ৬৬ শতাংশ আৰু ৪৪ শতাংশ বৃদ্ধি পাইছে। ইয়াৰ লগে লগে ভাৰত এতিয়া আমেৰিকা (৩০.৩ ট্ৰিলিয়ন ডলাৰ), চীন (১৯.৫ ট্ৰিলিয়ন ডলাৰ), জাৰ্মানী (৪.৯ ট্ৰিলিয়ন ডলাৰ) আৰু জাপান (৪.৪ ট্ৰিলিয়ন ডলাৰ)ৰ পিছতে বিশ্বৰ জিডিপিৰ ক্ষেত্ৰত পঞ্চম স্থানত আছে। আই এম এফত প্ৰকাশ পাইছে এই তথ্য।

Advertisment

যোৱা দশকত ইউকেৰ জিডিপি ২৮ শতাংশ বৃদ্ধি পোৱাৰ বিপৰীতে ফ্ৰান্সৰ জিডিপি ৩৮ শতাংশ বৃদ্ধি পাইছে, ২০১৫ চনত ২.৪ ট্ৰিলিয়ন ডলাৰৰ পৰা ২০২৫ চনত ৩.৩ ট্ৰিলিয়ন ডলাৰলৈ।  ৫০ শতাংশতকৈ অধিক জিডিপি বৃদ্ধি পোৱা আন শীৰ্ষ অৰ্থনীতিসমূহ হ’ল ৰাছিয়া (৫৭ শতাংশ), অষ্ট্ৰেলিয়া (৫৮ শতাংশ) আৰু স্পেইন (৫০ শতাংশ) ৷

জিডিপি বৃদ্ধি পোৱাৰ পাছতে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে কেন্দ্ৰীয় মন্ত্ৰী অমিত মালবিয়াই। 'এই অসাধাৰণ কৃতিত্ব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ নিৰ্ণায়ক নেতৃত্ব আৰু তেওঁৰ চৰকাৰৰ অদম্য প্ৰচেষ্টাৰ প্ৰমাণ' বুলি মন্তব্য কৰে মন্ত্ৰীগৰাকীয়ে।

GDP