/asomiyapratidin/media/media_files/2025/07/03/ededd-2025-07-03-11-58-55.jpg)
ডিজিটেল ডেস্কঃ প্ৰতিবছৰে দেশ এৰি যোৱা ভাৰতীয় কোটিপতিৰ সংখ্যা বৃদ্ধিৰ সময়তে ২০২৫ ত ৩,৫০০ জন ধনী ভাৰতীয়ই বিদেশত স্থায়ী হোৱাৰ সম্ভাৱনাই দেখা দিছে৷ ভাৰতত আয়কৰ দাখিল সংক্রান্ত নিয়ম-কানুনৰ বাবে প্ৰতিবছৰে বহু কোটিপতি দেশ এৰিবলৈ বাধ্য হৈছে।
এইসকল ধনাঢ্য ব্যক্তি সেইসমূহ দেশলৈ গতি কৰিছে য’ত আয়কৰ কম, অথবা আয়কৰ মুক্ত সুবিধা আছে। হেনলে প্ৰাইভেট ৱেলথ মাইগ্ৰেচন ৰিপ’ৰ্ট ২০২৫ অনুসৰি চলিত বছৰত প্ৰায় ৩,৫০০ জন ভাৰতীয় কোটিপতিয়ে বিদেশত স্থায়ীভাৱে বসতি স্থাপন কৰিব বুলি অনুমান কৰিছে।
যদিও এই সংখ্যা ২০২৩ আৰু ২০২৪ৰ তুলনাত কম তথাপি ধনাঢ্যৰ দেশ ত্যাগৰ ধাৰা সম্পূৰ্ণৰূপে বন্ধ হোৱা নাই। এই তথ্যক লৈ দেশৰ মুখ্য বিৰোধী দল ভাৰতীয় জাতীয় কংগ্ৰেছ দলে তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে৷ নিখিল ভাৰত কংগ্ৰেছে আজি অফিচিয়েল ফেচবুক পেজ যোগে বিজেপি দলৰ চৰকাৰক দায়ী কৰি কেন্দ্ৰীয় চৰকাৰক তীব্ৰ আক্ৰমণ কৰে৷ কংগ্ৰেছে কয় যে দেশৰ বাবে এটা দুঃসংবাদ এয়াই যে ২০২৫ চনত ৩,৫০০ জন ভাৰতীয় কোটিপতিয়ে দেশ এৰি বিদেশত স্থায়ীভাৱে থিতাপি ল’ব।
এইসকল ব্যক্তিয়ে দেশ এৰি লৈ যোৱা মুঠ সম্পত্তিৰ মূল্য প্ৰায় ২২,২৯,৬০,০০০ কোটি। বৃহৎসংখ্যক কোটিপতিয়ে দেশ এৰাৰ কাৰণ কংগ্ৰেছে বৰ্ণনা কৰিছে৷ কংগ্ৰেছে কয় যে মোদী চৰকাৰৰ সময়ত মানুহে নিজৰ ভৱিষ্যতৰ বিষয়ে আতংকিত, চৰকাৰৰ নীতিত জনগণে বিশ্বাস হেৰুৱাইছে, মোদী চৰকাৰৰ ‘টেক্স টেৰ’ৰ’ৰ ভয়ত ধনীয়ে দেশ এৰি গৈছে, শিক্ষা ব্যৱস্থা অত্যন্ত ব্যয়বহুল হৈ পৰিছে, স্বাস্থ্য সেৱা ধ্বংস হৈ পৰিছে, অৰ্থনীতিৰ পৰিসৰ মাত্ৰা ধ্বংসমুখী, প্ৰদূষণে ৰেকৰ্ড ভাঙিছে, ঘৃণাৰ প্ৰসাৰ অব্যাহত আৰু অপৰাধ নিয়ন্ত্ৰণত বিফল হোৱা বুলি কংগ্ৰেছে বিস্ফোৰক অভিযোগ উত্থাপন কৰিছে৷
লগতে কংগ্ৰেছে কয় যে নৰেন্দ্ৰ মোদীয়ে দেশ চলাবলৈ সম্পূৰ্ণভাৱে ব্যৰ্থ হোৱাটো প্ৰমাণিত হৈছে। উল্লেখ্য যে ২০২৩ চনত প্ৰায় ৫,১০০ জন কোটিপতিয়ে ভাৰত এৰি যাব বুলি অনুমান কৰা হৈছিল। ২০২৪ চনত সেই সংখ্যা আছিল ৪,৩০০ জন। কিন্তু ২০২৫ ত সেই সংখ্যা ৩,৫০০ জনে দেশ এৰিব৷ বিশেষজ্ঞৰ মতে কোটিপতিসকলৰ উৎসাহ কিছু পৰিমাণে হ্ৰাস পাইছে। কিন্তু ভাৰতত কোটিপতিৰ সংখ্যা ৭২ শতাংশ বৃদ্ধি পাইছে!
হেনলেৰ প্ৰতিবেদনত উল্লেখ কৰা অনুসাৰে ২০১৪ ৰ পৰা ২০২৪ লৈকে ভাৰতত কোটিপতিৰ সংখ্যা ৭২ শতাংশ বৃদ্ধি পাইছে। এই সময়ছোৱাত যিসকল ধনীয়ে দেশ এৰি গৈছে তেওঁলোকৰ মুঠ ধন-সম্পত্তিৰ মূল্য প্ৰায় ২৬.২ বিলিয়ন ডলাৰ বুলি ধৰা হৈছে। এইসকল কোটিপতিয়ে মূলতঃ মোনাকো, ডুবাই, মাল্টা আদিত থিতাপি লৈছে৷
যিবোৰ টেক্স ফ্ৰেণ্ডলী দেশ বুলি জনাজাত। সংযুক্ত আৰব আমীৰশ্বাহী হৈছে কোটিপতিসকলৰ প্ৰথম পছন্দ৷ ২০২৫ ত প্ৰায় ৯,৮০০ জন বিশ্বৰ ধনীয়ে ইয়াত থিতাপি ল’ব বুলি অনুমান কৰা হৈছে। দ্বিতীয় স্থানত আছে আমেৰিকা৷ বিশ্বৰ ৭,৫০০ কোটিপতি এইবাৰ আমেৰিকালৈ যাব বুলি অনুমান কৰা হৈছে।