ভাৰত বৈদ্যুতিক ৩ চকীয়া বাহনৰ বিশ্বৰ সৰ্ববৃহৎ বজাৰ

বৈদ্যুতিক তিনিচকীয়া বাহনৰ বিশ্বৰ সৰ্ববৃহৎ বজাৰ হৈছে ভাৰত। একেৰাহে দ্বিতীয় বছৰৰ বাবে এই স্থান দখল কৰিবলৈ সক্ষম হৈছে ভাৰত। আন্তঃৰাষ্ট্ৰীয় শক্তি সংস্থাৰ (আই ই এ) এক প্ৰতিবেদনত প্ৰকাশ পাইছে এই তথ্য।

author-image
Asomiya Pratidin
New Update
একেৰাহে দুবছৰ শীৰ্ষ স্থানত ভাৰত

একেৰাহে দুবছৰ শীৰ্ষ স্থানত ভাৰত

ডিজিটেল ডেস্কঃ বৈদ্যুতিক তিনিচকীয়া বাহনৰ বিশ্বৰ সৰ্ববৃহৎ বজাৰ হৈছে ভাৰত। একেৰাহে দ্বিতীয় বছৰৰ বাবে এই স্থান দখল কৰিবলৈ সক্ষম হৈছে ভাৰত। আন্তঃৰাষ্ট্ৰীয় শক্তি সংস্থাৰ (আই ই এ) এক প্ৰতিবেদনত প্ৰকাশ পাইছে এই তথ্য। পেৰিছস্থিত সংস্থাটোৱে গ্ল’বেল ইভি আউটলুক ২০২৫ত উল্লেখ কৰে যে, "ভাৰতে বিশ্বব্যাপী বৈদ্যুতিক তিনিচকীয়া বাহনৰ বজাৰত সৰ্বাধিক বৃদ্ধি অব্যাহত ৰাখিছে।"

Advertisment

উল্লেখযোগ্য যে, বিশ্বজুৰি তিনিচকীয়া (৩ ডব্লিউ) বজাৰখন পূৰ্বৰ বছৰৰ তুলনাত ৫% হ্ৰাস পোৱাৰ পিছতো ২০২৪ চনত ইলেক্ট্ৰিক ৩ ডব্লিউ বিক্ৰী ১০%তকৈ অধিক বৃদ্ধি পাই ১০ লাখ বাহন হৈছেগৈ। এই বজাৰখন অতি কেন্দ্ৰীভূত, চীন আৰু ভাৰতে একেলগে বৈদ্যুতিক আৰু গতানুগতিক ৩ ডব্লিউ বিক্ৰীৰ ৯০%তকৈ অধিক অংশ গ্ৰহণ কৰে।

প্ৰতিবেদনত উল্লেখ কৰা অনুসৰি, "চীনত যোৱা তিনি বছৰত ৩ ডব্লিউৰ বিদ্যুৎকৰণ ১৫%তকৈও কম স্থবিৰ হৈ পৰিছে। ২০২৩ চনত ভাৰতে চীনক অতিক্ৰম কৰি বৈদ্যুতিক থ্ৰী ডব্লিউৰ বিশ্বৰ সৰ্ববৃহৎ বজাৰ হিচাপে পৰিগণিত হৈছিল, আৰু ২০২৪ চনত এই স্থান বজাই ৰাখিছিল। বছৰৰ পিছত বছৰ ধৰি বিক্ৰী প্ৰায় ২০% বৃদ্ধি পাই প্ৰায় ৭ লাখ বাহন হৈছে।"

এই ক্ৰমবৰ্ধমান ধাৰাটো নতুন পিএম ই-ড্ৰাইভ আঁচনিৰ অধীনত নীতিগত সমৰ্থনৰ বাবেই অব্যাহত থাকিব বুলি অনুমান কৰা হৈছে। যিয়ে ২০২৪ চনত বাণিজ্যিক ব্যৱহাৰৰ বাবে ৩ লাখতকৈ অধিক বৈদ্যুতিক ৩ডব্লিউ ৰোল-আউটৰ সমৰ্থনত বাজেট আবণ্টন দিছিল। যাৰ বাবে ২০২৩ চনত -২০ মুঠ বাহন (ইলেক্ট্ৰিক আৰু আইচিই) ১ কোটিতকৈ অধিক বাহনৰ বুলি অনুমান কৰা হৈছিল।

বৈদ্যুতিক বাহন