/asomiyapratidin/media/media_files/2025/04/29/hE868zHDkEIicINCM7SS.jpg)
পাকিস্তানী বিমানৰ বাবে বন্ধ হ'ব পাৰে ভাৰতৰ আকাশমাৰ্গ
ডিজিটেল ডেস্ক : পহলগামত সন্ত্ৰাসবাদী আক্ৰমণৰ পিছতে ভাৰত চৰকাৰে সক্ৰিয়ভাৱে ভাৰতীয় আকাশমাৰ্গ পাকিস্তানী বিমান সংস্থাৰ বাবে বন্ধ কৰাৰ কথা চিন্তা কৰিছে। নতুন দিল্লীয়ে ইছলামবাদৰ বিৰুদ্ধে প্ৰতিশোধমূলক ব্যৱস্থা গ্ৰহণ কৰাৰ সময়তে গ্ৰহণ কৰা হৈছে এই সিদ্ধান্ত।
এই পদক্ষেপৰ ফলত পাকিস্তানী বিমান সংস্থাসমূহে চীন বা শ্ৰীলংকাৰ দৰে দেশৰ ওপৰেৰে বিমান সেৱাৰ পথ সলনি কৰি কুৱালালামপুৰৰ দৰে দক্ষিণ-পূব এছিয়াৰ গন্তব্যস্থানলৈ যাবলৈ বাধ্য হ’ব। ২২ এপ্ৰিলত পহলগামত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণৰ পিছত প্ৰতিশোধমূলক ব্যৱস্থা গ্ৰহণৰ আশংকা কৰি পাকিস্তানী বিমানে ইতিমধ্যে ভাৰতীয় আকাশমাৰ্গ এৰাই চলিবলৈ আৰম্ভ কৰিছেই। য’ত উগ্ৰপন্থীৰ এটা দলে সাধাৰণ নাগৰিকৰ ওপৰত গুলীচালনা কৰিছিল আৰু ২৬ জন লোকৰ মৃত্যু হৈছিল। ইতিমধ্যে ভাৰতীয় বন্দৰত পাকিস্তানী জাহাজ নিষিদ্ধ কৰাৰ কথাও বিবেচনাধীন হৈ আছে।
উল্লেখযোগ্য যে, পহলগামৰ ঘটনাৰ পাছতে চুবুৰীয়া দেশসমূহৰ মাজত উত্তেজনা বৃদ্ধি পোৱাত পাকিস্তানে ভাৰতীয় বিমান সংস্থাসমূহৰ বাবে নিজৰ আকাশমাৰ্গ বন্ধ কৰি দিছিল।