/asomiyapratidin/media/media_files/2025/06/27/china-2025-06-27-09-20-16.jpg)
ডিজিটেল ডেস্কঃ চীনৰ ছিঙ্গডাঅ' চহৰত অনুষ্ঠিত হোৱা SCO সদস্য ৰাষ্ট্ৰসমূহৰ বৈঠকৰ পৰা আহিল এটা ভাল খবৰ। ভাৰতৰ এক সিদ্ধান্ত পূৰ্ণ সমৰ্থন আগবঢ়াইছে ৰঙা চীনে। ভাৰতৰ হৈ উক্ত বৈঠকত অংশ লোৱা প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে এক্স'ৰ যোগে দিলে এই ভাল খবৰতো।
ৰাজনাথ সিঙে জনোৱা অনুসৰি, প্ৰায় ৬বছৰৰ বিৰতিৰ মূৰত পুনৰ কৈলাশ মানসৰোবৰ যাত্ৰা আৰম্ভ কৰিব দুয়োখন দেশে। ভাৰতে আগবঢ়োৱা এই প্ৰস্তাৱত পূৰ্ণ সমৰ্থন দিছে চীনে। চীনৰ প্ৰতিৰক্ষা মন্ত্ৰী এডমিহল ড'নৰ সৈতে হোৱা আনুষ্ঠানিক বৈঠকৰ অন্তত এই ঘোষণা কৰে ৰাজনাথ সিঙে।
উল্লেখ কৰা প্ৰয়োজন যে, ২০১৯চনত বন্ধ কৰি দিয় হৈছিল এই যাত্ৰা। কোৰানা মহামাৰীৰ পিছতে ভাৰত-চীনৰ সম্পৰ্কৰ অৱনতিৰ বাবে এই যাত্ৰা সাময়িকভাৱে বন্ধ হৈ পৰিছিল। কিন্তু ২০২৪চনৰ অক্টোবৰত চীনৰ ৰাষ্ট্ৰপতিৰ সৈতে এই বিষয়টোক লৈ কথা পাতিছিল ভাৰতৰ প্ৰধানমন্ত্ৰীয়ে। উক্ত বৈঠকতে ভাৰতৰ প্ৰধানমন্ত্ৰীক এই যাত্ৰাৰ বাবে পূৰ্ণ সহযোগ কৰাৰ প্ৰতিশ্ৰুতি দিছিল চীনে।