/asomiyapratidin/media/media_files/2025/07/23/dddd-2025-07-23-12-15-42.jpg)
ডিজিটেল ডেস্কঃ প্ৰয়োজনৰ সময়ত ভাৰতে আমাক সহায় কৰি আহিছিল। ভাৰতৰ এই সহায় আমি কেতিয়াও নাপাহৰো। আগন্তুক সময়ত ভাৰতৰ সৈতে হোৱা দ্বিপাক্ষিক চুক্তি আৰু অধিক শক্তিশালী হ'ব- ভাৰতৰ প্ৰধানমন্ত্ৰীৰ দুদুনীয়া মালদ্বীপ ভ্ৰমণৰ পূৰ্বে এই মন্তব্য কৰে দেশখনৰ প্ৰাক্তন বৈদেশিক মন্ত্ৰী দুনিয়া মৌমনে।
তেওঁ কয় যে, বিগত জৰুৰীকালীন অৱস্থাত আমাক দেশৰ সমৰ্থনত ধাৰাবাহিক ভাৱে থিয় দিছিল ভাৰতে। আমাৰ দেশৰ জল সংকটৰ সময়তো বৈদেশিক মন্ত্ৰী হিচাপে ভাৰতে আগবঢ়োৱা সহায়ৰ কথা মই ভালদৰেই জানো। ১৯৮৮চনৰ ছুনামিৰ সময়তো আমাক সহায় কৰা দেশসমূহৰ ভিতৰত অন্যতম আছিল ভাৰত।
মালদ্বীপৰ প্ৰাক্তন বৈদেশিক মন্ত্ৰীগৰাকীয়ে লগতে দেশখনৰ পৰ্যটন ক্ষেত্ৰখনলৈ ভাৰতে আগবঢ়োৱা সহযোগিতাৰ কথাও দোহাৰে। কোভিড মহামাৰীৰ সময়ত সকলো দেশে মালদ্বীপলৈ যোৱা বন্ধ কৰাৰ সময়তো ভাৰতীয় পৰ্যটক দেশখনলৈ আগমন হৈছিল বুলি কয় মৌমনে।
বিগত কিছুদিনৰ পূৰ্বে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক লৈ মালদ্বীপ চৰকাৰ আৰু একাংশ বিষয়াই কৰা তীৰ্যক মন্তব্যক লৈ ক্ষমা খোজে তেওঁ। তেওঁ কয় যে, ভাৰত এখন যথেষ্ট ডাঙৰ দেশ। গতিকে সেই দেশখনৰ যথেষ্ট দায়িত্ব আছে। আমি ভাৰতক যথেষ্ট সন্মান কৰো।