Advertisment

আজিৰে পৰা সুৱণখাটাত আৰম্ভ ভাৰত-ভূটান বন্ধুত্ব মেলা ...

আজিৰে পৰা বাক্সা জিলাৰ সুৱণখাটাত ১৩ সংখ্যক ভাৰত-ভূটান বন্ধুত্ব মেলা আৰু ৭৩ সংখ্যক সুৱণখাটা মাঘ মেলা আৰম্ভ কৰা হৈছে । অহা ২৪ জানুৱাৰীলৈ বাক্সা জিলাৰ সুৱণখাটাত চলিব এই বন্ধুত্ব মেলা আৰু মাঘ মেলা । 

author-image
Asomiya Pratidin
New Update
0

ডিজিটেল ডেস্কঃ আজিৰে পৰা বাক্সা জিলাৰ সুৱণখাটাত ১৩ সংখ্যক ভাৰত-ভূটান বন্ধুত্ব মেলা আৰু ৭৩ সংখ্যক সুৱণখাটা মাঘ মেলা আৰম্ভ কৰা হৈছে । অহা ২৪ জানুৱাৰীলৈ বাক্সা জিলাৰ সুৱণখাটাত চলিব এই বন্ধুত্ব মেলা আৰু মাঘ মেলা । 

Advertisment

দেশ দুখনৰ খাদ্য সম্ভাৰৰ লগতে সাংস্কৃতিক বিনিময়ো হ'ব এই ভাৰত-ভূটান বন্ধুত্ব মেলাত । আজি পুৱা ৰঙা ফিটা কাটি মুখ্যদ্বাৰ উদ্ধোধন কৰে বিটিচিৰ অধ্যক্ষ কাতিৰাম বড়োৱে । তাৰ পিছতে উত্তোলন কৰা হয় ভাৰত-ভূটান উভয় দেশৰ পতাকা । শান্তিৰ পাৰ চৰাই উৰুৱাই কামনা কৰে দুয়োখন দেশৰ শান্তি । নানা জনগোষ্ঠীৰ নৃত্যৰে জীপাল হয় সুৱণখাটা মাঘ মেলাৰ বাকৰি ।

ভাৰত-ভূটান সীমান্ত