/asomiyapratidin/media/media_files/2025/04/16/0vzqGr9z7nDg27AFbXP5.jpg)
ডিজিটেল সংবাদ, তামুলপুৰঃ ভাৰত ভূটান সীমান্তৱৰ্তী বগাজুলি গণেশগুৰিৰ খেল পথাৰত আজি এদিনীয়া কাৰ্যসূচীৰে বহাগৰ এখন্তেক সাংস্কৃতিক সমাৰোহ "বগাজুলিয়াও বৈশাগুনি দান্দিছে" নামেৰে
ৰংজালী বৈশাগু উদযাপন কৰা হয়।
/asomiyapratidin/media/media_files/2025/04/16/ryGqLHPoHqtsGBSdq2LA.jpg)
বিটিচিৰ দৰঙাজুলি সমষ্টিৰ এমচিএলএ বিজিত গৌৰা নাৰ্জাৰীৰ তত্বাৱধানত আয়োজন কৰা ৰংজালী বৈশাগু উদযাপনত অসম বিধান সভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰী, ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়া, ভূটানৰ ছামদ্ৰুপ ঝংকাৰ জিলাৰ বহু উচ্চপদস্থ বিষয়া, তামুলপুৰ জিলা বিজেপিৰ সভাপতি ভিক্তৰ দাস, তামুলপুৰ জিলা বিজেপিৰ সম্পাদক ভোজন দাস , বিটিচিৰ এমচিএলএ হেমন্ত ৰাভা সকল উপস্থিত থাকে।
/asomiyapratidin/media/media_files/2025/04/16/vw1Y35fP6YoElKIV7bkJ.jpg)
লগতে অনুষ্ঠানত তামুলপুৰ অঞ্চলৰ গণ্যমান্য ব্যক্তি,বহু সহস্ৰাধিক বড়ো,আদিবাসী, চাওতালী, চাদ্ৰী, গোৰ্খা আদি বিভিন্ন জনগোষ্ঠী লোকসকল উপস্থিত থাকে।
/asomiyapratidin/media/media_files/2025/04/16/lEWYY5KJOawb9S18rUwC.jpg)
লগতে বৈশাগু নৃত্য, বাগৰুম্বা, ঝুমুৰ, গোদান মোচানাই, চাওতালী নৃত্য,আদিবাসী নৃত্য, চাদ্ৰী নৃত্য আদি প্ৰদৰ্শন কৰে। ফলস্বৰূপে সমগ্ৰ অঞ্চলটো সমন্বয়থলীত পৰিণত হয়।
/asomiyapratidin/media/media_files/2025/04/16/qdZgQGR4WStvwPb4vJT9.jpg)
উল্লেখ্য যে, উক্ত অনুষ্ঠানত অসম বিধান সভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীৰ সঞ্চালনাত বড়ো যুৱক-যুৱতী আৰু আৰু ভূটীয়া যুৱক-যুৱতীয়ে সখী বান্ধি ভূটীয়া নৃত্য কৰে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us