বিশ্বৰ অৰ্থনীতিত জাপানক অতিক্ৰম কৰি চতুৰ্থত উপনীত ভাৰত...

আন্তঃৰাষ্ট্ৰীয় মুদ্ৰা নিধি (আই এম এফ)ৰ তথ্যৰ উদ্ধৃতি দি সুব্ৰহমান্যমে কয় যে ভাৰতৰ অৰ্থনীতি ৪ ট্ৰিলিয়ন মাৰ্কিন ডলাৰৰ সীমাত উপনীত হৈছে। অৰ্থাত ভাৰত আজি জাপানতকৈ ডাঙৰ।

author-image
Asomiya Pratidin
আপডেট কৰা হৈছে
New Update
fterftert

ডিজিটেল ডেস্কঃ বিশ্ব অৰ্থনীতিত উত্থান ঘটিছে ভাৰতৰ। জাপানক পিছ পেলাই বিশ্বৰ চতুৰ্থ বৃহত্তম অৰ্থনীতিৰ দেশ হিচাপে পৰিগণিত হৈছে ভাৰত- শনিবাৰে এই তথ্য প্ৰকাশ কৰে নীতি আয়োগৰ মুখ্য কাৰ্যবাহী বিষয়া বিভিআৰ সুব্ৰহ্মণ্যমে। নীতি আয়োগৰ দশম গভৰ্নিং কাউন্সিলৰ বৈঠকৰ পিছত সাংবাদিকক সম্বোধন কৰি সুব্ৰহ্মণ্যমে কয় যে সামগ্ৰিক ভূ-ৰাজনৈতিক আৰু অৰ্থনৈতিক পৰিৱেশ ভাৰতৰ বাবে অনুকূল।

Advertisment

তেওঁ কয় যে, মই কোৱাৰ দৰে আমি চতুৰ্থ বৃহত্তম অৰ্থনীতি। আন্তঃৰাষ্ট্ৰীয় মুদ্ৰা নিধি (আই এম এফ)ৰ তথ্যৰ উদ্ধৃতি দি সুব্ৰহমান্যমে কয় যে ভাৰতৰ অৰ্থনীতি ৪ ট্ৰিলিয়ন মাৰ্কিন ডলাৰৰ সীমাত উপনীত হৈছে। অৰ্থাত ভাৰত আজি জাপানতকৈ ডাঙৰ।

উল্লেখযোগ্য যে, ২০২৫ চনত ভাৰতৰ নামমাত্ৰ জিডিপি ৪,১৮৭.০১৭ বিলিয়ন ডলাৰ হ’ব বুলি আশা কৰা হৈছে। যিটো জাপানৰ সম্ভাৱ্য জিডিপিতকৈ কিছু পৰিমাণে বেছি।

আই এম এফৰ বিশ্ব অৰ্থনৈতিক দৃষ্টিভংগীৰ ২০২৫ চনৰ এপ্ৰিল মাহৰ সংস্কৰণত আৰু কোৱা হৈছে যে ভাৰতৰ অৰ্থনীতি ২০২৫ চনত ৬.২ শতাংশ আৰু ২০২৬ চনত ৬.৩ শতাংশ বৃদ্ধিৰে বিশ্ব আৰু আঞ্চলিক সমনীয়া দেশসমূহৰ তুলনাত সুদৃঢ় অগ্ৰগতি বজাই ৰখাৰ সম্ভাৱনা আছে।

নীতি আয়োগ