ভাৰতত সফলতাৰে পৰীক্ষণ 'লেজাৰ-ডাইৰেক্টেড এনাৰ্জি ৱেপন'

হায়দৰাবাদৰ ডি আৰ ডি অ’ৰ চেণ্টাৰ ফৰ হাই এনাৰ্জি চিষ্টেমছ এণ্ড ছায়েন্সৰ উদ্যোগত এই অস্ত্ৰবিধ প্ৰস্তুত কৰা হৈছে। অস্ত্ৰবিধৰ সফল পৰীক্ষণ অন্ধ্ৰ প্ৰদেশৰ কুৰ্ণুলত কৰা হয়।

author-image
Asomiya Pratidin
আপডেট কৰা হৈছে
New Update
ভাৰতত সফলতাৰে পৰীক্ষণ 'লেজাৰ-ডাইৰেক্টেড এনাৰ্জি ৱেপন'

ভাৰতত সফলতাৰে পৰীক্ষণ 'লেজাৰ-ডাইৰেক্টেড এনাৰ্জি ৱেপন'

ডিজিটেল ডেস্কঃ শত্ৰুৰ আক্ৰমণ আকাশতে প্ৰতিহত কৰিবলৈ ভাৰতে নিৰ্মাণ কৰি উলিয়াইছে এবিধ বিশেষ অস্ত্ৰ। ৩০ কিলোৱাট শক্তিৰ লেজাৰ অস্ত্ৰবিধে আকাশেৰে কৰা আক্ৰমণ মুহূৰ্ততে নিষ্ক্ৰিয় কৰিব। এই অস্ত্ৰবিধে প্ৰতিৰক্ষাৰ ক্ষেত্ৰত শক্তিশালী কৰিব ভাৰতৰ স্থিতি। তাৰ লগতে ডি ই ডব্লিউ প্ৰযুক্তিৰ ক্ষেত্ৰত সহযোগিতাৰ সম্ভাৱনা মুকলি কৰিব। ভাৰত Mk-II(A) লেজাৰ-ডাইৰেক্টেড এনাৰ্জি ৱেপন (DEW)সফলতাৰে পৰীক্ষা কৰি এনে ব্যৱস্থা গঢ়ি তোলা চতুৰ্থখন দেশ হিচাপে পৰিগণিত হৈছে। চীন, আমেৰিকা, ৰাছিয়াৰ পিছত ভাৰতে এই অস্ত্ৰবিধৰ সফল পৰীক্ষণ কৰিছে।

Advertisment

হায়দৰাবাদৰ ডি আৰ ডি অ’ৰ চেণ্টাৰ ফৰ হাই এনাৰ্জি চিষ্টেমছ এণ্ড ছায়েন্সৰ উদ্যোগত এই অস্ত্ৰবিধ প্ৰস্তুত কৰা হৈছে। অস্ত্ৰবিধৰ সফল পৰীক্ষণ অন্ধ্ৰ প্ৰদেশৰ কুৰ্ণুলত কৰা হয়। পৰীক্ষণত দীৰ্ঘ দূৰত্বৰ পৰা ড্ৰ’নক বাধা দিয়াৰ ক্ষমতা প্ৰদৰ্শন কৰে। আনকি ৫ কিলোমিটাৰ দূৰত্বৰ ভিতৰত আকাশী ভাবুকি নিষ্ক্ৰিয় কৰিব পাৰে অস্ত্ৰবিধে। লগতে শক্তিশালী বিদ্যুৎ-চুম্বকীয় বিকিৰণ বিস্ফোৰণ ব্যৱহাৰ কৰি যোগাযোগ নেটৱৰ্ক, উপগ্ৰহ আৰু কমাণ্ড চেণ্টাৰৰ দৰে ইলেক্ট্ৰনিক ব্যৱস্থা নিষ্ক্ৰিয় কৰিব পাৰে।

ডি আৰ ডি অ’ৰ অধ্যক্ষ ড০ সমীৰ ভি কামাতে সদৰি কৰে যে, "এয়া মাত্ৰ আৰম্ভণিহে, কিয়নো ভাৰতেও “ষ্টাৰ ৱাৰ্ছ” পৰ্যায়ৰ প্ৰতিৰক্ষা ক্ষমতাৰ বাবে উচ্চ শক্তিৰ মাইক্ৰৱেভ আৰু ইলেক্ট্ৰ’মেগনেটিক পালছ (ই এম পি) অস্ত্ৰৰ নিৰ্মাণ কৰিছে।" এই লেজাৰ অস্ত্ৰবিধে সমগ্ৰ স্থল আৰু সাগৰীয় অভিযানত ভাৰতৰ প্ৰস্তুতি অধিক শক্তিশালী কৰিব।

প্ৰতিৰক্ষা মন্ত্ৰণালয় প্ৰতিৰক্ষা বিভাগ