থাইলেণ্ডক পৰাস্ত কৰি এছিয়া কাপৰ ফাইনেলত স্থান সুৰক্ষিত ভাৰতৰ...

author-image
Asomiya Pratidin
New Update
থাইলেণ্ডক পৰাস্ত কৰি এছিয়া কাপৰ ফাইনেলত স্থান সুৰক্ষিত ভাৰতৰ...

ASIA CUP

ডিজিটেল ডেস্কঃ মহিলা এছিয়া কাপৰ কোৱাৰ্টাৰ ফাইনেলত থাইলেণ্ডক পৰাস্ত কৰি ভাৰতীয় মহিলা ক্ৰিকেট দলটোৱে ফাইনেলত স্থান সুৰক্ষিত কৰিছে। আজি থাইলেণ্ডৰ বিৰুদ্ধে অনুষ্ঠিত হোৱা মেচখনত ভাৰতীয় দলটোৱে ৭৪ ৰাণৰ বৃহৎ ব্যৱধানত বিজয় সাব্যস্ত কৰিছে।

Advertisment

টছত জয় লাভ কৰি থাইলেণ্ডে ভাৰতীয় দলটোক প্ৰথমে বেটিং কৰিবলৈ আমন্ত্ৰণ জনাই। ভাৰতে প্ৰথমে বেটিং কৰি সংগ্ৰহ কৰে ১৪৮ ৰাণ। ভাৰতীয় বিস্ফোৰক বেটছমেন শ্বেফালী বাৰ্মাই সৰ্বাধিক ৪২ ৰাণ সংগ্ৰহ কৰাৰ বিপৰীতে কেপ্টেইন হৰমনপ্ৰীত কৌৰে ৩৬ ৰাণৰ বৰঙণি আগবঢ়ায়। দীপ্তি শৰ্মাই ৪ অভাৰ বল কৰি মাত্ৰ ৭ ৰাণ ব্যয়ৰে ৩ টা উইকেট দখল কৰে।

ভাৰতে নিৰ্ধাৰণ কৰি দিয়া ১৪৯ ৰাণৰ লক্ষ্য ৰাখি থাইলেণ্ডে সংগ্ৰহ কৰে মাত্ৰ ৭৪ ৰাণ। ৭৪ ৰাণৰ বৃহৎ ব্যৱধানত বিজয় সাব্যস্ত কৰা ভাৰতীয় দলটোৱে প্ৰতিযোগিতাখনৰ ফাইনেলত স্থান নিগাজী কৰিছে।

এই বিজয়ৰ লগে লগে ভাৰতীয় দলটোৱে এছিয়া কাপত ধাৰাবাহিক ভাৱে অষ্টম বাৰৰ বাবে এছিয়া কাপৰ ফাইনেলত প্ৰৱেশ কৰিছে। এছিয়া কাপৰ ইতিহাসত একমাত্ৰ ভাৰতীয় মহিলা দলটোৱেই এনে এটা দল যিয়ে ধাৰাবাহিক ভাৱে প্ৰতিবাৰেই প্ৰতিযোগিতাৰ ফাইনেলত প্ৰৱেশ কৰিছে আৰু ইয়াৰে মাত্ৰ এখন ফাইনেলত ভাৰত পৰাজিত হৈছে।

২০১৮ চনত বাংলাদেশে প্ৰথমবাৰৰ বাবে ভাৰতক পৰাজিত কৰি এছিয়া কাপৰ খিতাপ জয় কৰিছিল। ইয়াৰ পৰিৱৰ্তে ভাৰতেই প্ৰতিবাৰে এছিয়া কাপৰ খিতাপ জয় কৰি আহিছে।

thailand asia cup team india