তৃতীয় এদিনীয়াত বিজয়েৰে দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে ভাৰতৰ শৃংখলা দখল...

author-image
Asomiya Pratidin
New Update
তৃতীয় এদিনীয়াত বিজয়েৰে দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে ভাৰতৰ শৃংখলা দখল...

india vs south africa

ডিজিটেল ডেস্কঃ ভাৰতৰ মাটিত অনুষ্ঠিত হৈ থকা ভাৰত-দক্ষিণ আফ্ৰিকাৰ মাজৰ এদিনীয়া শৃংখলাৰ অন্তিমখন মেচত জয়লাভ কৰি ভাৰতে শৃংখলা দখল কৰিবলৈ সক্ষম হৈছে। তৃতীয়খন মেচত ভাৰতীয় বলাৰৰ দুৰ্দান্ত প্ৰদৰ্শনৰ ফলস্বৰূপে আলহী দলটোৱে মাত্ৰ ৯৯ ৰাণতে ইনিংছ সামৰিবলৈ বাধ্য হয়।

Advertisment

টছত জয়লাভ কৰি প্ৰথমে বলিং কৰাৰ সিদ্ধান্ত লোৱা ভাৰতীয় দলটোৰ বলাৰসকলে আৰম্ভণিৰ পৰাই বিদেশী দলটোৰ বেটছমেনসকলক নিয়ন্ত্ৰণত ৰাখে। দলটোৱে ২৭.১ অভাৰতে আটাইকেইটা উইকেট হেৰুৱাই ৯৯ ৰাণ সংগ্ৰহ কৰে।

প্ৰত্যুত্তৰত ভাৰতীয় দলটোৱে ক্ৰিজত নামে যদিও পুনৰবাৰ ব্যৰ্থ হয় ভাৰতীয় শৃংখলাৰ ভাৰতীয় দলটোৰ অধিনায়ক শিখৰ ধাৱান। ধাৱানৰ বেটৰ পৰা আহে মাত্ৰ ৮ ৰাণ। শুভমন গিলে ৫৭ টা বলত সংগ্ৰহ কৰ ৪৯ ৰাণ। শ্ৰেয়াছ আয়াৰৰ বেটৰ পৰা আহে ২৮ ৰাণ।


subhman gill shikhar dhawan INDIA VS SOUTH AFRICA bcci SHREYASH IYER team india