ইংলেণ্ডৰ বিৰুদ্ধে প্ৰথমখন এদিনীয়াত সহজ জয় ভাৰতৰ...

৪ উইকেটত জয়লাভ কৰি ভাৰতীয় দলে শৃংখলাত ১-০ অগ্ৰগতি লাভ কৰে । নাগপুৰত অনুষ্ঠিত উক্ত খেলখনত প্ৰথমে বেটিং কৰি ইংলেণ্ডে ২৪৯ ৰাণৰ লক্ষ্য বান্ধি দিছিল ভাৰতক ।

author-image
Asomiya Pratidin
New Update
0

ডিজিটেল ডেস্কঃ ইংলেণ্ডৰ বিৰুদ্ধে আজি অনুষ্ঠিত প্ৰথমখন এদিনীয়াত সহজ জয় লাভ কৰে ভাৰতীয়ে দলে । ৪ উইকেটত জয়লাভ কৰি ভাৰতীয় দলে শৃংখলাত ১-০ অগ্ৰগতি লাভ কৰে । নাগপুৰত অনুষ্ঠিত উক্ত খেলখনত প্ৰথমে বেটিং কৰি ইংলেণ্ডে ২৪৯ ৰাণৰ লক্ষ্য বান্ধি দিছিল ভাৰতক ।

Advertisment

প্ৰত্যুত্তৰত দ্বিতীয় ইনিংছত বেটিং কৰিবলৈ আহি ভাৰতীয় দলে ৩৮.৪ অভাৰতে নিজৰ লক্ষ্যত উপনীত হৈ বিজয় সাব্যস্ত কৰে ।  

ভাৰতৰ হৈ শ্ৰেয়াস আয়াৰ (৫৯), শুভমান গিল (৮৭) আৰু অক্ষৰ পেটেল (৫২)ৰ অৰ্ধশতকীয় বলিষ্ঠ প্ৰদৰ্শনে ভাৰতক জয়লাভত সহায় কৰে। দ্বিতীয় ইনিংছত বেটিং কৰা ভাৰতীয় দলৰ প্ৰথমাৱস্থাত আৰম্ভণি সন্তোষজনক নাছিল । কিয়নো য়শস্বী জয়ছৱাল আৰু ৰোহিত শৰ্মাই ন্যুনতম ৰান সংগ্ৰহ কৰিয়েই খেলপথাৰৰ পৰা বিদায় মাগিছিল । কিন্তু শ্ৰেয়াস আয়্যৰ আৰু শুভমান গিলৰ মাজত ৯৪ ৰাণৰ অংশীদাৰীয়ে ভাৰতীয় ইনিংছটো পুনৰুজ্জীৱিত কৰে। আয়াৰৰ আউট হোৱাৰ পিছত শুভমান গিলে অক্ষৰ পেটেলৰ সৈতে ১০৮ ৰাণৰ জুটি গঠন কৰি ভাৰতক বিজয়ৰ ওচৰ চপাই অনাত সহায় কৰে ।

ind vs eng