Advertisment

প্ৰযুক্তিগত উদ্ভাৱন আৰু অৰ্থনৈতিক বিকাশৰ ক্ষেত্ৰত আগৰণুৱা ভাৰতঃ বিশ্ব অৰ্থনৈতিক মঞ্চ

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ২০১৮ চনত আৰম্ভ কৰা চি ৪ আই আৰ ইণ্ডিয়াই দায়িত্বশীল আৰু সৰ্বাংগীন প্ৰযুক্তিগত বিকাশৰ প্ৰতি দেশৰ দায়বদ্ধতাৰ উদাহৰণ দাঙি ধৰিছে। ভাৰতৰ সৈতে ডব্লিউ ই এফৰ অংশীদাৰিত্ব চাৰি দশকৰো অধিক সময় ধৰি চলি আছে।

author-image
Asomiya Pratidin
New Update
vb

ডিজিটেল ডেস্কঃ  ষ্টাৰ্টআপ আৰু ডিজিটেল উদ্ভাৱনৰ পৰিৱৰ্তনশীল যাত্ৰাৰ বাবে ভাৰতক স্বীকৃতি প্ৰদান কৰিছে বিশ্ব অৰ্থনৈতিক মঞ্চ (WEF)ই। প্ৰযুক্তিগত উদ্ভাৱন আৰু অৰ্থনৈতিক বিকাশৰ ক্ষেত্ৰত ভাৰতবৰ্ষই সমগ্ৰ বিশ্বতে নিজকে আগশাৰীত প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হৈছে।

Advertisment

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ২০১৮ চনত আৰম্ভ কৰা চি ৪ আই আৰ ইণ্ডিয়াই দায়িত্বশীল আৰু সৰ্বাংগীন প্ৰযুক্তিগত বিকাশৰ প্ৰতি দেশৰ দায়বদ্ধতাৰ উদাহৰণ দাঙি ধৰিছে। ভাৰতৰ সৈতে ডব্লিউ ই এফৰ অংশীদাৰিত্ব চাৰি দশকৰো অধিক সময় ধৰি চলি আছে।

চৰকাৰ, ব্যৱসায়, শিক্ষা আৰু নাগৰিক সমাজৰ মাজত সহযোগিতামূলক প্ৰচেষ্টাক লাভান্বিত কৰিছে। এই অংশীদাৰিত্বসমূহে কৃত্ৰিম বুদ্ধিমত্তা (এআই)-চালিত কৃষি কাৰ্যসূচী, স্বাস্থ্যসেৱাৰ সমাধান আৰু বহনক্ষম নগৰীয়া কাঠামোকে ধৰি উল্লেখযোগ্য পদক্ষেপসমূহক পৰিচালিত কৰিছে। যাৰ ফলত লাখ লাখ নাগৰিক লাভাম্বিত হৈছে।

চি ৪ আই আৰ ইণ্ডিয়াই বহু অংশীদাৰৰ সহযোগিতাৰ জৰিয়তে প্ৰত্যাহ্বানসমূহ মোকাবিলা কৰাৰ ক্ষেত্ৰত উল্লেখযোগ্য ভূমিকা গ্ৰহণ কৰিছে। জীৱিকাৰ উন্নতি সাধন কৰা লগতে অত্যাৱশ্যকীয় সেৱাসমূহক উন্নত সুবিধা প্ৰদান কৰিছে। এই পদক্ষেপে ১২.৫ লাখ লোকক লাভাম্বিত কৰিছে।

ভাৰত