Advertisment

২০৩৬ৰ অলিম্পিক হ'ব ভাৰতত!

ভাৰতত অলিম্পিক অনুষ্ঠিত কৰাক লৈ তীব্ৰ চৰ্চা অব্যাহত থকাৰ মাজতে বিশ্ব এথলেটিকছৰ সভাপতি চেবাষ্টিয়ান ক’ৱে ভাৰতত অলিম্পিক আয়োজন কৰাতো আশাৰ বতৰা বুলি মত পোষণ কৰিছে। 

author-image
Asomiya Pratidin
New Update
ভাৰত

ডিজিটেল ডেস্কঃ ভাৰতত অলিম্পিক অনুষ্ঠিত কৰাক লৈ তীব্ৰ চৰ্চা অব্যাহত থকাৰ মাজতে বিশ্ব এথলেটিকছৰ সভাপতি চেবাষ্টিয়ান ক’ৱে ভাৰতত অলিম্পিক আয়োজন কৰাতো আশাৰ বতৰা বুলি মত পোষণ কৰিছে। 

Advertisment

শেহতীয়াকৈ প্ৰধানমন্ত্ৰীৰ সৈতে হোৱা সাক্ষাতৰ পাছতে তেওঁ কয়-  ভাৰতৰ দৰে  ৰাষ্ট্ৰই অলিম্পিক আয়োজন কৰিবলৈ ইচ্ছুক হোৱাত আনন্দিত হৈছো। যোৱা বছৰৰ নৱেম্বৰ মাহত অনুষ্ঠিত হোৱা আন্তৰাষ্ট্ৰীয় অলিম্পিক অধিৱেশনত এই ইচ্ছা নৰেন্দ্ৰ মোডীয়ে সবল ভাৱে ৰাজহুৱা কৰিছিল বুলিও কয় বিশ্ব এথলেটিকছৰ সভাপতিগৰাকীয়ে। 

এই  অধিৱেশনত প্ৰধানমন্ত্ৰী মোডীয়ে ভাৰতত অলিম্পিক অনুষ্ঠিত কৰিবৰ বাবে ভাৰত সকলো দিশৰ পৰাই সক্ষম বুুলি দাবী উত্থাপন কৰিছিল বুলি সদৰি কৰে বিশ্ব এথলেটিকছৰ সভাপতিগৰাকীয়ে। উল্লেখ কৰা প্ৰয়োজন যে, আন্তঃৰাষ্ট্ৰীয় অলিম্পিক কমিটীৰ পৰৱৰ্তী সভাপতি হোৱাৰ দৌৰত আছে চেবাষ্টিয়ান ক’ৱ। 

তেওঁ এই নিৰ্বাচনৰ বাবে প্ৰচাৰ চলাবলৈ আহিছে নেকি বুলি সোধা প্ৰশ্নৰ উত্তৰত তেওঁ কয় যে, তেওঁ মাত্ৰ ইণ্ডিয়ান এথলেটিকছ ফেডাৰেচনৰ সহকৰ্মী সকলৰ সৈতে কিছু সময় অতিবাহিত কৰিব আহিছে। লগতে নৰেন্দ্ৰ মোডী আৰু ভাৰতৰ সৈতে থকা সম্পৰ্কৰ বাবে তেওঁ প্ৰায়ে ভাৰতলৈ অহাৰ কথা সদৰি কৰে। 

ভাৰত