কাইলৈ গুৱাহাটীত উপস্থিত হ'ব ভাৰত আৰু দক্ষিণ আফ্ৰিকাৰ ক্ৰিকেট দল...

বিৰাট কোহলী,ৰোহিত শৰ্মা আদিৰ দৰে তাৰকাৰে ভৰি পৰিব মহানগৰ

author-image
Asomiya Pratidin
New Update
কাইলৈ গুৱাহাটীত উপস্থিত হ'ব ভাৰত আৰু দক্ষিণ আফ্ৰিকাৰ ক্ৰিকেট দল...

INDIAN CRICKET TEAM

ডিজিটেল ডেস্কঃ ক্ৰিকেট জ্বৰত আক্ৰান্ত অসমবাসী। অহা ২ অক্টোবৰত বৰ্ষাপাৰা ক্ৰিকেট ষ্টেডিয়ামত অনুষ্ঠিত হ'ব ভাৰত আৰু দক্ষিণ আফ্ৰিকাৰ মাজত টী-২০ মেচ।

Advertisment

ক্ৰিকেট প্ৰেমীৰ উৎকণ্ঠাৰ অন্ত পেলাই বৃহস্পতিবাৰে বিয়লি ৪-৪৫ বজাত গুৱাহাটীত উপস্থিত হ'ব উভয় দল। বিৰাট কোহলী,ৰোহিত শৰ্মা আদিৰ দৰে তাৰকাৰে ভৰি পৰিব মহানগৰ। কটকটীয়া নিৰপত্তাৰ মাজেৰে ক্রিকেটাৰসকলক অনা হ’ব হোটেল ৰেডিশ্যন ব্লুলৈ। উল্লেখ্য যে ৩০ ছেপ্টেম্বৰত দুয়োটা দলে অসম ক্ৰিকেট সন্থাৰ বৰ্ষাপাৰা ষ্টেডিয়ামত অনুশীলন চলাব।

cricket india south africa