৯ জুলাইৰ পূৰ্বেই ভাৰত-আমেৰিকাৰ মাজত শক্তিশালী বাণিজ্যিক চুক্তি...

আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে ভাৰতৰ সৈতে এখন গুৰুত্বপূৰ্ণ বাণিজ্য চুক্তিৰ সম্ভাৱনাৰ ইংগিত দি কৈছে যে ভাৰতে আমেৰিকান কোম্পানীসমূহৰ বাবে বজাৰত প্ৰৱেশৰ সুবিধা বৃদ্ধি কৰিলে শুল্কৰ হাৰ হ্ৰাস পাব পাৰে।

author-image
Asomiya Pratidin
New Update
GettyImages-8734636104

ডিজিটেল ডেস্কঃ আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে ভাৰতৰ সৈতে এখন গুৰুত্বপূৰ্ণ বাণিজ্য চুক্তিৰ সম্ভাৱনাৰ ইংগিত দি কৈছে যে ভাৰতে আমেৰিকান কোম্পানীসমূহৰ বাবে বজাৰত প্ৰৱেশৰ সুবিধা বৃদ্ধি কৰিলে শুল্কৰ হাৰ হ্ৰাস পাব পাৰে। ৯ জুলাইৰ সময়সীমা ওচৰ চাপি অহাৰ সময়ত ভাৰতৰ বাণিজ্য প্ৰতিনিধি দলে মুখ্য আলোচক ৰাজেশ আগৰৱালৰ নেতৃত্বত ৱাশ্বিংটনত আলোচনা তীব্ৰ কৰিছে যাতে পুনৰ ২৬ শতাংশ শুল্ক বৃদ্ধিৰ পৰা হাত সাৰিব পৰা যায়।

Advertisment

ট্ৰাম্পে মঙলবাৰে সাংবাদিকৰ সৈতে মত বিনিময় কৰি কয়, “ভাৰতে বজাৰ মুকলি কৰিলে আমি এখন ভিন্ন ধৰণৰ চুক্তি কৰিব পাৰোঁ, য’ত শুল্ক যথেষ্ট কম হ’ব।” তেওঁ জাপানৰ সৈতে চুক্তিৰ সম্ভাৱনাৰ ওপৰত সন্দেহ প্ৰকাশ কৰিলেও ভাৰতৰ সৈতে আলোচনাৰ প্ৰতি আশাবাদী। এই আলোচনাৰ মূল বিষয় হৈছে কৃষি, ডেইৰী, আৰু ঔদ্যোগিক পণ্যৰ বজাৰ প্ৰৱেশ। ভাৰতে শ্ৰমকেন্দ্ৰিক- পণ্যৰ বাবে শুল্কমুক্ত প্ৰৱেশ বিচাৰিছে, আনহাতে আমেৰিকাই কৃষি আৰু জিনগতভাৱে পৰিবৰ্তিত খাদ্যৰ ওপৰত শুল্ক হ্ৰাসৰ দাবী জনাইছে। বিশেষজ্ঞসকলে এখন “মিনি-ডিল”ৰ সম্ভাৱনা প্ৰকাশ কৰি কয় যে, য’ত ভাৰতে আমেৰিকাৰ তেল, প্ৰাকৃতিক গেছ আৰু কিছু কৃষি সামগ্ৰীৰ শুল্ক হ্ৰাস কৰিব পাৰে।

 কিন্তু কৃষি আৰু ডেইৰী খণ্ডত ভাৰতে সুৰক্ষাবাদী নীতি অব্যাহত ৰাখিছে, যিহেতু ইয়াৰ সৈতে ৭০ কোটি গ্ৰামীণ জনতাৰ জীৱিকা জড়িত। বৰ্তমানৰ ১৯১ বিলিয়ন ডলাৰৰ দ্বিপাক্ষিক বাণিজ্যৰ পৰিমাণ ২০২৮ৰ ভিতৰত ৩০০ বিলিয়ন ডলাৰলৈ বৃদ্ধিৰ লক্ষ্যৰ সৈতে ভাৰতে শক্তিশালী চুক্তিৰ বাবে চাপ দিছে।

 কিন্তু ট্ৰাম্পৰ “আমেৰিকা ফাৰ্ষ্ট” নীতিয়ে আলোচনাক জটিল কৰি তুলিছে আৰু ভাৰতীয় প্ৰতিনিধিয়ে সময়সীমাৰ আগতে চুক্তি সম্পন্ন হোৱাৰ আশা কৰিছে। বাণিজ্য মন্ত্ৰী পীযূষ গোয়ালে কয় যে বৌদ্ধিক সম্পত্তি আৰু ডিজিটেল বাণিজ্যৰ বিষয়ত মতানৈক্যৰ সমাধানৰ প্ৰয়োজন আছে যদিও ভাৰতৰ স্বাৰ্থ সুৰক্ষিত কৰি এক সুষম চুক্তিৰ বাবে প্ৰচেষ্টা অব্যাহত আছে।

ভাৰত