/asomiyapratidin/media/media_files/2024/11/23/qTAttm382en212tzcAOz.jpg)
ডিজিটেল ডেস্ক : চীন- হংকংক প্ৰত্যাহ্বান জনাই ভাৰতত নিৰ্মাণ কৰা হ'ব লেপটপ, স্মাৰ্ট ফোন ইত্যাদিত ব্যৱহৃত সা- সঁজুলি। দেশত ঘৰুৱাভাৱে নিৰ্মাণ কৰিব কেতবোৰ বৈদ্যুতিক আহিলাৰ কেচামাল।
দেশত বৈদ্যুতিক উৎপাদন শক্তিশালী কৰাটোৱেই হৈছে ইয়াৰ মূল লক্ষ্য আৰু উদ্দেশ্য। অনাগত দিনত যাতে ভাৰতে বিদেশী ৰাষ্ট্ৰ পৰা বৈদ্যুতিক আহিলাসমূহৰ কেচামাল আমদানি কৰিব লগা নহয়, সেই উদ্দেশ্যে ইয়াৰ প্ৰাককলন প্ৰস্তুত কৰা হৈছে। এই ক্ষেত্ৰত আনুমানিক ব্যয় হ’ব ৫ বিলিয়ন ডলাৰ। এক বিবৃতিযোগে এই কথা প্ৰকাশ কৰিছে ভাৰতীয় ইলেক্ট্ৰনিক মন্ত্ৰাণালয়ে।
এই সম্পৰ্কে ভাৰতীয় ইলেক্ট্ৰনিক মন্ত্ৰালয়ে ইতিমধ্যে যুগুত কৰিছে এক প্ৰতিবেদন। প্ৰতিবেদনত উল্লেখ কৰে যে বিগত সময়বোৰত ভাৰতে বৈদ্যুতিক আহিলাৰ কেচামাল চীনৰ পৰা আমদানি কৰিছিল। এতিয়াৰে সেই পৰিৱেশৰ অৱসান ঘটোৱা হ'ব। এতিয়াৰে পৰা এই আমদানিৰ পৰিমাণ হ্ৰাস কৰাৰ অৰ্থে ঘৰুৱা উৎপাদনত মনোনিৱেশ কৰিছে ভাৰতে। আমদানি হ্ৰাস আৰু ৰপ্তানি বৃদ্ধি এয়াই হৈছে ইয়াৰ মূল মন্ত্ৰ।
উল্লেখযোগ্য যে এপল আৰু চেমচাঙৰ দৰে বিশ্বব্যাপী নিৰ্মাতা কোম্পানীসমূহৰ ফলত দেশখনৰ বৈদ্যুতিক সামগ্ৰীৰ উৎপাদন ২০২৪ চনত ১১৫ বিলিয়ন ডলাৰলৈ বৃদ্ধি পাইছিল। যিটো ছবছৰ পূৰ্বে উৎপাদনৰ দুগুণতকৈও অধিক বুলি উল্লেখ কৰে।
প্ৰতিবেদনত উল্লেখ কৰে যে ভাৰত এতিয়া বিশ্বৰ চতুৰ্থ বৃহত্তম স্মাৰ্টফোন যোগানকাৰী দেশ হিচাপে আত্মপ্ৰকাশ কৰিছে। কিন্তু গ্ল’বেল ট্ৰেড ৰিচাৰ্চ ইনিচিয়েটিভৰ মতে, ২০২৪ চনৰ বিত্তীয় বৰ্ষত ভাৰতৰ ৮৯.৮ বিলিয়ন ডলাৰৰ ইলেক্ট্ৰনিকছ আমদানিৰ পৰিমাণ অধিক হোৱাত চীন আৰু হংকঙৰ উপাদানৰ ওপৰত বহু পৰিমাণে নিৰ্ভৰশীল হৈ আছে।