Advertisment

২০২৪ত ৩০ গিগাৱাট নবীকৰণযোগ্য শক্তিৰ ক্ষমতা সংযোজন ভাৰতৰ

ভাৰতে ২০২৪ চনত প্ৰায় ৩০ গিগাৱাট নবীকৰণযোগ্য শক্তিৰে অভিলেখ স্থাপন কৰিবলৈ সক্ষম হৈছে। যিটো ২০২৩ত কৰা অভিলেখতকৈ ১১৩ শতাংশৰো অধিক বুলি বিবেচিত হৈছে।

author-image
Asomiya Pratidin
New Update
২০২৪ত ৩০ গিগাৱাট নবীকৰণযোগ্য শক্তিৰ ক্ষমতা সংযোজন ভাৰতৰ

২০২৪ত ৩০ গিগাৱাট নবীকৰণযোগ্য শক্তিৰ ক্ষমতা সংযোজন ভাৰতৰ

ডিজিটেল ডেস্ক : ভাৰতে ২০২৪ চনত প্ৰায় ৩০ গিগাৱাট নবীকৰণযোগ্য শক্তিৰে অভিলেখ স্থাপন কৰিবলৈ সক্ষম হৈছে। যিটো ২০২৩ত কৰা অভিলেখতকৈ ১১৩ শতাংশৰো অধিক বুলি বিবেচিত হৈছে। এই কথা সদৰী কৰিছে নবীকৰণযোগ্য শক্তি মন্ত্ৰালয়ে। 

Advertisment

উল্লেখযোগ্য যে ২০৩০ চনৰ ভিতৰত দেশত ৫০০ গিগাৱাট নবীকৰণযোগ্য শক্তিৰ ক্ষমতা আহৰণৰ লক্ষ্য লৈছে দেশখনে। ইয়াৰ বাবে শক্তি মন্ত্ৰালয়ে অভিলাষী পৰিকল্পনাৰ গ্ৰহণ কৰিছে। অৱশ্যে এই লক্ষ্যত উপনীত হ’বলৈ অহা ৬বছৰত বছৰি গড়ে ৫০ গিগাৱাট নবীকৰণযোগ্য শক্তিৰ ক্ষমতা সংযোজন কৰিব লাগিব বুলি সদৰী কৰে মন্ত্ৰালয়ে। 

এই সম্পৰ্কত শক্তি মন্ত্ৰী প্ৰহ্লাদ যোশীয়ে কয় যে ২০২৩ত ১৩.৭৫ জি ডব্লিউৰ পৰা ২০২৪ত প্ৰায় ৩০ জি ডব্লিউ লৈ হোৱা বৃদ্ধিয়ে প্ৰায় ২১৮ জি ডব্লিউত উপনীত হৈছে। ইয়াৰ ফলত স্বচ্ছ শক্তিৰ প্ৰতি ভাৰতৰ ক্ৰমবৰ্ধমান দায়ৱদ্ধতা আৰু সেউজ ভৱিষ্যত গঢ়ি তোলাৰ ক্ষেত্ৰত ইয়াৰ অগ্ৰগতিৰ ওপৰত গুৰুত্ব আৰোপ কৰিব পাৰিব।

central govt