Advertisment

সৌৰ শক্তিৰ উৎপাদন বৃদ্ধি ভাৰতত! শীৰ্ষ তিনি ৰাজ্য কোন কেইখন...

দেশত শেহতীয়াকৈ বৃদ্ধি পাইছে সৌৰশক্তিৰ উৎপাদন। কেন্দ্ৰীয় চৰকাৰে মুকলি কৰা এক প্ৰতিবেদনত উল্লেখ কৰা অনুসৰি, ভাৰতে ২০২৪ চনত (জানুৱাৰীৰ পৰা ডিচেম্বৰলৈ) প্ৰায় ২৪.৫ গিগাৱাট সৌৰশক্তি আৰু ৩.৪ গিগাৱাট বতাহৰ ক্ষমতাৰ পৰা শক্তি উৎপাদন কৰিছিল। 

author-image
Asomiya Pratidin
New Update
সৌৰ শক্তি

সৌৰ শক্তি Photograph: (অসমীয়া প্ৰতিদিন)

ডিজিটেল ডেস্কঃ  দেশত শেহতীয়াকৈ বৃদ্ধি পাইছে সৌৰশক্তিৰ উৎপাদন। কেন্দ্ৰীয় চৰকাৰে মুকলি কৰা এক প্ৰতিবেদনত উল্লেখ কৰা অনুসৰি, ভাৰতে ২০২৪ চনত (জানুৱাৰীৰ পৰা ডিচেম্বৰলৈ) প্ৰায় ২৪.৫ গিগাৱাট সৌৰশক্তি আৰু ৩.৪ গিগাৱাট বতাহৰ ক্ষমতাৰ পৰা শক্তি উৎপাদন কৰিছিল। 

Advertisment

এই সংখ্যাৰ পৰা অনুমান কৰিব পাৰি যে,  ২০২৩ চনৰ তুলনাত সৌৰশক্তি উৎপাদন দুগুণতকৈ অধিক বৃদ্ধি আৰু বতাহৰ পৰা শক্তি উৎপাদন  ২১% বৃদ্ধি হৈছিল।  এই সংযোজনসমূহৰ লগে লগে ভাৰতৰ মুঠ সংস্থাপিত নবীকৰণযোগ্য শক্তি (আৰ ই) ক্ষমতা ২০২৪ চনৰ ডিচেম্বৰ মাহলৈকে ২০৯.৪৪ জি ৱাটত উপনীত হৈছে। মুঠ আৰ ই ক্ষমতাৰ ৪৭% সৌৰশক্তিৰ অংশ,  ই নবীকৰণযোগ্য উৎসৰ ভিতৰত সৰ্বাধিক অৱদানকাৰী হিচাপে বিবেচিত হৈছে।

উল্লেখ্য যে, ২০২৪ চনত ভাৰতে ৪.৫৯ গিগাৱাট শক্তি নতুন ছাদৰ ওপৰত স্থাপন কৰা চলাৰ প্লেটৰ দ্বাৰা লাভ কৰিছিল। ই ২০২৩ চনৰ তুলনাত ৫৩% বৃদ্ধিৰ সূচনা কৰিছিল। প্ৰধানমন্ত্ৰী সূৰ্য্য ঘৰ আঁচনিৰ জৰিয়তে এই কাম কৰিছিল কেন্দ্ৰীয় চৰকাৰে।   মাত্ৰ ১০ মাহত এই আঁচনিখনে দেশজুৰি ৭ লাখ ছাদত চ'লাৰ প্লেট স্থাপন কৰিছিল। 

সৰ্বাধিক সৌৰশক্তি উৎপাদন কৰা শীৰ্ষ তিনিখন ৰাজ্য হৈছে- ৰাজস্থান, গুজৰাট আৰু তামিলনাডু। 

 

 

 

 

ভাৰত