Advertisment

১০০ গিগাৱাট সৌৰশক্তিৰ ক্ষমতা অৰ্জন ভাৰতৰ

সৌৰশক্তিখণ্ডত আধিপত্য বিস্তাৰ কৰিছে ভাৰতে। কেৱল ইমানেই নহয়, ভাৰতে এই ক্ষেত্ৰত মাইলৰ খুঁটিও স্থাপন কৰিবলৈ সক্ষম হৈছে। -এই দাবী কেন্দ্ৰীয় মন্ত্ৰী প্ৰহ্লাদ যোশীৰ। 

author-image
Asomiya Pratidin
New Update
১০০ গিগাৱাট সৌৰশক্তিৰ ক্ষমতা অৰ্জন ভাৰতৰ

১০০ গিগাৱাট সৌৰশক্তিৰ ক্ষমতা অৰ্জন ভাৰতৰ

ডিজিটেল ডেস্ক : সৌৰশক্তিখণ্ডত আধিপত্য বিস্তাৰ কৰিছে ভাৰতে। কেৱল ইমানেই নহয়, ভাৰতে এই ক্ষেত্ৰত মাইলৰ খুঁটিও স্থাপন কৰিবলৈ সক্ষম হৈছে। -এই দাবী কেন্দ্ৰীয় মন্ত্ৰী প্ৰহ্লাদ যোশীৰ। 

Advertisment

শুকুৰবাৰে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কয় যে ভাৰতে ১০০ গিগাৱাট সৌৰশক্তি ক্ষমতাৰে এক মাইলৰ খুঁটি স্থাপন কৰিছে। এই ক্ষমতা ২০৩০ চনৰ ভিতৰত ৫০০ গিগাৱাট কৰাৰ লক্ষ্য লৈছে কেন্দ্ৰীয় চৰকাৰে। ইয়াৰ বাবে চৰকাৰে কেতবোৰ দিশত গুৰুত্ব আৰোপ কৰাৰ উপৰি পৰিকাঠামো প্ৰস্তুত কৰা বুলি তেওঁ জানিবলৈ দিয়ে।

এইখিনিতে এটা কথা উল্লেখ কৰা প্ৰয়োজন যে ভাৰতে ২০২২ চনৰ ভিতৰত ১০০ গিগাৱাট সৌৰশক্তিকে ধৰি ১৭৫ গিগাৱাট নবীকৰণযোগ্য শক্তিৰ ক্ষমতা লাভ কৰাৰ পৰিকল্পনা কৰিছিল। নতুন আৰু নবীকৰণযোগ্য শক্তি মন্ত্ৰালয়ে জাৰি কৰা বিবৃতি অনুসৰি এই মাইলৰ খুঁটিটোৱে নবীকৰণযোগ্য শক্তিৰ ক্ষেত্ৰত বিশ্বৰ আগশাৰীৰ দেশ হিচাপে ভাৰতৰ স্থিতি শক্তিশালী কৰিছে। 

ইয়াৰ উপৰি কেন্দ্ৰীয় মন্ত্ৰী যোশীয়ে কয়- "সৌৰ পেনেল, সৌৰ উদ্যান আৰু ছাদৰ ওপৰত সৌৰ প্ৰকল্পৰ দৰে পদক্ষেপে বৈপ্লৱিক পৰিৱৰ্তন আনিছে। ফলস্বৰূপে আজি ভাৰতে ১০০ গিগাৱাট সৌৰশক্তি উৎপাদনৰ লক্ষ্য সফলতাৰে লাভ কৰিবলৈ সক্ষম হৈছে। সেউজ শক্তিৰ ক্ষেত্ৰত ভাৰত কেৱল স্বাৱলম্বী হোৱাই নহয়, বিশ্বক এক নতুন পথো দেখুৱাইছে।"

প্ৰহ্লাদ যোশী