Advertisment

ভাৰতত কয়লাৰ উৎপাদনে সৃষ্টি কৰিলে অভিলেখ...

২০২৩-২৪বৰ্ষত কয়লাৰ উৎপাদন বৃদ্ধি পাইছে ভাৰতত। অভিলেখ সৃষ্টি কৰি  ২০২৩-২৪ বিত্তীয় বৰ্ষত ভাৰতে এতিয়ালৈকে সৰ্বাধিক ৯৯৭.৮২৬ মিলিয়ন টন (এমটি) কয়লা উৎপাদন কৰিছে।  ২০২২-২৩ বৰ্ষৰ ৮৯৩.১৯১ মেট্ৰিক টনৰ তুলনাত ১১.৭১ শতাংশ উৎপাদন বৃদ্ধি পাইছে ভাৰতত।

author-image
Asomiya Pratidin
New Update
কয়লা

কয়লা Photograph: (কয়লা)

ডিজিটেল ডেস্কঃ ২০২৩-২৪বৰ্ষত কয়লাৰ উৎপাদন বৃদ্ধি পাইছে ভাৰতত। অভিলেখ সৃষ্টি কৰি  ২০২৩-২৪ বিত্তীয় বৰ্ষত ভাৰতে এতিয়ালৈকে সৰ্বাধিক ৯৯৭.৮২৬ মিলিয়ন টন (এমটি) কয়লা উৎপাদন কৰিছে।  ২০২২-২৩ বৰ্ষৰ ৮৯৩.১৯১ মেট্ৰিক টনৰ তুলনাত ১১.৭১ শতাংশ উৎপাদন বৃদ্ধি পাইছে ভাৰতত।

Advertisment

চৰকাৰে সদৰি কৰা মতে, সংহত কয়লা লজিষ্টিক পৰিকল্পনাৰ অধীনত চৰকাৰে ২০৩০ বিত্তীয় বৰ্ষৰ ভিতৰত ১.৫ বিটি কয়লা উৎপাদনৰ লক্ষ্য লৈছে। ২০২৪ চনৰ কেলেণ্ডাৰ বৰ্ষত (১৫ ডিচেম্বৰলৈকে) কয়লাৰ উৎপাদন অস্থায়ীভাৱে ৯৮৮.৩২ মেট্ৰিক টন হৈছে। পূৰ্বৰ বছৰ সমূহতকৈ  ৭.৬৬ শতাংশ বৃদ্ধি পাইছে কয়লাৰ উতপাদন। 

উতপাদনৰ সমান্তৰালভাৱে কয়লাৰ যোগানো যথেষ্ট বৃদ্ধি পাইছে। ২০২৪ চনৰ ১৫ ডিচেম্বৰৰ ভিতৰত ৯৬৩.১১ মেট্ৰিক টন সাময়িকভাৱে যোগান ধৰা হৈছে, যিটো পূৰ্বৰ বছৰৰ তুলনাত ৬.৪৭ শতাংশ বৃদ্ধি। বিদ্যুৎ খণ্ডই ৫.০২ শতাংশ বৃদ্ধিৰে ৭৯২.৯৫৮ মেট্ৰিক টন কয়লা লাভ কৰাৰ বিপৰীতে অনিয়ন্ত্ৰিত খণ্ডত ১৭১.২৩৬ মেট্ৰিক টন কয়লা যোগান ধৰাৰ লগে লগে ১৪.৪৮ শতাংশ বৃদ্ধি পাইছে।

ভাৰত