/asomiyapratidin/media/media_files/2024/12/15/2YqFmEC8BnMgylHSsPyU.jpg)
ডিজিটেল ডেস্কঃ বিশ্ব স্বাস্থ্য সংস্থাই প্ৰকাশ কৰা শেহতীয়া বিশ্ব মেলেৰিয়া প্ৰতিবেদনত কোৱা হৈছে যে ভাৰতে মেলেৰিয়াৰ বিৰুদ্ধে যুঁজ দিয়াৰ ক্ষেত্ৰত লক্ষণীয় অগ্ৰগতি লাভ কৰিছে । ৰোগী আৰু মৃত্যু দুয়োটাৰে ৬৯ শতাংশ হ্ৰাস পোৱাৰ তথ্য প্ৰকাশ পাইছে পৰ্তিবেদনখনত।
প্ৰতিবেদন অনুসৰিভাৰতে ২০২৪ চনত আনুষ্ঠানিকভাৱে হাই বাৰ্ডেন হাই ইনচিডেন্স (এইচ বি এইচ আই) গোটৰ পৰা ওলাবলৈ সক্ষম হৈছিল কিয়নো ভাৰতত লক্ষণায়ভাৱে হ্ৰাস পাইছিল মেলেৰিয়া ৰোগীৰ সংখ্যা ।
দেশজুৰি ভাৰতৰ আনুমানিক মেলেৰিয়া ৰোগীৰ সংখ্যা ২০১৭ চনত ৬৪ লাখৰ পৰা ২০২৩ চনত ২০ লাখলৈ হ্ৰাস পাই ৬৯ শতাংশ হ্ৰাস পঞ্জীয়ন কৰা হৈছে। একেদৰে আনুমানিক মেলেৰিয়াত মৃত্যুৰ হাৰ ১১,১০০ৰ পৰা ৩,৫০০লৈ হ্ৰাস পাইছে ।মৃত্যুৰ শতাংশ ৬৮ শতাংশলৈ হ্ৰাস পাইছে ভাৰতত ।
কিন্তু দক্ষিণ-পূব এছিয়া অঞ্চলত আনুমানিক মেলেৰিয়া ৰোগীৰ আধা অংশ ভাৰতত আছে। ২০২৩ চনত ডব্লিউ এইচ অ’ৰ দক্ষিণ-পূব এছিয়া অঞ্চলত মেলেৰিয়া আক্ৰান্ত আঠখন দেশ আছিল, য’ত ৪০ লাখ ৰোগীৰ সংখ্যা আছিল আৰু বিশ্বজুৰি মেলেৰিয়া ৰোগীৰ বোজাৰ ১.৫ শতাংশ অৰিহণা যোগাইছিল।
প্ৰতিবেদনত কোৱা হৈছে যে ২০২৩ চনত এই অঞ্চলৰ আনুমানিক মেলেৰিয়া ৰোগীৰ আধা ভাৰতত আছিল, তাৰ পিছতে ইণ্ডোনেছিয়াত এক তৃতীয়াংশৰ অলপ কম আছিল।
প্ৰতিবেদনত উল্লেখ কৰিছে যে ভাৰতৰ সামূহিক স্বাস্থ্যকৰ্মীসকলে মূলতঃ মহিলাসকলে দুৰ্গম ঠাইত বাস কৰা জনসংখ্যাৰ কাষ চাপিছে আৰু মেলেৰিয়াৰ ৰোগী আৰু মৃত্যুৰ সংখ্যা যথেষ্ট হ্ৰাস কৰিছে।
প্ৰতিবেদনত কোৱা হৈছে যে, “তেওঁলোকে মহিলা ৰোগীসকলৰ বাবে এক সহায়ক পৰিৱেশ প্ৰদান কৰে যিসকলে পুৰুষ প্ৰদানকাৰীৰ পৰা সেৱা লাভ কৰাৰ ক্ষেত্ৰত সামাজিক আৰু সাংস্কৃতিক বাধাৰ সন্মুখীন হ’ব পাৰে।