৭৪ সংখ্যক স্বাধীনতা দিৱস কাপ ফুটবলত অ'ইল ইণ্ডিয়া চেম্পিয়ন...

মুখ্য অতিথি কমনৱেলথ গেমছৰ স্বৰ্ণ পদকপ্ৰাপ্ত নয়নমণি শ‌ইকীয়া

author-image
Asomiya Pratidin
New Update
৭৪ সংখ্যক স্বাধীনতা দিৱস কাপ ফুটবলত অ'ইল ইণ্ডিয়া চেম্পিয়ন...

oil India team

ডিজিটেল সংবাদ,নগাঁওঃ নগাঁও ক্ৰীড়া সংস্থাৰ উদ্যোগত নুৰুল আমিন ষ্টেডিয়ামত অনুষ্ঠিত ৭৪ সংখ্যক সৰ্বভাৰতীয় আমন্ত্ৰনমূলক স্বাধীনতা দিৱস কাপ প্ৰাইজমানি ফুটবল প্ৰতিযোগিতাত দুলীয়াজানৰ অ'ইল ইণ্ডিয়া ফুটবল ক্লাবে চূড়ান্ত বিজয়ী খিতাপ অৰ্জন কৰে। শনিবাৰে নৈশালোকত অনুষ্ঠিত ফাইনেল খেলখনত অ'ইল ইণ্ডিয়াই অসম ৰাইফলছ ফুটবল ক্লাবক ১-০গ'লত পৰাজিত কৰে।

Advertisment

খেলৰ ২৬ মিনিটত চিৰণদীপ মৰাণে অ'ইল ইণ্ডিয়াৰহৈ বিজয়সূচক গ'লটো দিয়ে। নগঞাঁ দৰ্শকৰ প্ৰিয় দলটোৱে এইবাৰকে ধৰি ৭ম বাৰলৈ স্বাধীনতা দিৱস কাপৰ খিতাপ লাভ কৰে। খেলখন পৰিচালনা কৰাত ৰেফাৰী বাজু টিছ'ক সহায় কৰে জীৱন গগৈ, নিৰ্মল ভটাচাৰ্য আৰু দেবাশীষ মজুমদাৰে।

ফাইনেল খেলখনৰ আৰম্ভণিতে মুখ্য অতিথি কমনৱেলথ গেমছৰ লন বলত স্বৰ্ণ পদকপ্ৰাপ্ত নয়নমণি শ‌ইকীয়াৰ লগতে সন্মানীয় অতিথিসকলক খেলুৱৈসকলৰ সৈতে চিনাকি কৰাই দিয়ে।

খেলৰ অন্তত সামৰণি অনুষ্ঠানত মুখ্য অতিথি নয়নমণি শইকীয়া, প্ৰাক্তন কেন্দ্ৰীয় ৰাজ্যিক ৰে'ল মন্ত্ৰী তথা নগাঁও ক্ৰীড়া সংস্থাৰ সভাপতি ৰাজেন গোহাঁই, নগাঁও সদৰ সমষ্টিৰ বিধায়ক তথা নগাঁও ক্ৰীড়া সংস্থাৰ কাৰ্যবাহী সভাপতি ৰূপক শৰ্মা, বন সংমণ্ডল বিষয়া ভাস্কৰ ডেকা, সমাজকৰ্মী অশোক দাস, ক্ৰীড়া সংগঠক প্লাৱন বৰুৱা আদিয়ে বিভিন্ন বঁটাসমূহ বিতৰণ কৰে।

উল্লেখ্য যে, অ'ইলৰ আক্ৰাং নাৰ্জাৰী সৰ্বোচ্চ গ'লদাতা, টপো ব্ৰহ্ম শ্ৰেষ্ঠ খেলুৱৈ আৰু নগাঁৱৰ সঞ্জীৱন সমাজে শ্ৰেষ্ঠ শৃংখলাবদ্ধ দলৰ বঁটা লাভ কৰে ।

nagaon football nayan moni saikia