/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-08-14/ghkwb0uo/rangiya text web.png)
ডিজিটেল সংবাদ, ৰঙিয়া: ৭৮ সংখ্যক স্বাধীনতা দিৱস উপলক্ষে ৰঙিয়া মহকুমাৰ অন্তৰ্গত মুক্তি যুঁজাৰুসকলক সম্বৰ্ধনা জনোৱা হয়। চক্ৰবিষয়াৰ উদ্যোগত কেইবাগৰাকীও মুক্তিযুঁজাৰুৰ পৰিয়ালক দিনজোৰা কাৰ্যসূচীৰে ঘৰে ঘৰে গৈ ৰঙিয়া, কমলপুৰ আৰু কঞা ৰাজহ চক্ৰৰ ১৭ গৰাকী মুক্তিযুঁজাৰুক সম্বৰ্ধনা জনায়।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-08-14/g3vkwxog/60df0c86-67a5-4888-bf4d-746c5d5397a2.jpg)
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-08-14/4wh4eonc/bd5be41d-f203-4ab6-9552-e833b6e532e0.jpg)
ইয়াৰ ভিতৰত ৰঙিয়াৰ ৭ গৰাকী, কঞাৰ ৬গৰাকী আৰু কমলপুৰৰ ৪ গৰাকী মুক্তিযুঁজাৰুৰ ঘৰত গৈ চক্ৰবিষয়াই চেলেং, গামোচা আদিৰে সম্বৰ্ধনা জনায়। ৰঙিয়াৰ মুক্তিযুঁজাৰু কৃষ্ণ লহকৰ, কামিনীমোহন শৰ্মা, বৰপুল্লাৰ চানাৰাম লহকৰৰ পৰিয়ালক সম্বৰ্ধনাৰ সময়ত কমলপুৰ চক্ৰ বিষয়া বিক্ৰমজিৎ বৰা, কঞা চক্ৰ বিষয়া অৰ্পিতা দত্ত মজুমদাৰ আৰু ৰঙিয়াৰ চক্ৰ বিষয়াৰ উপ পঞ্জীয়ক গৌতম ভাস্কৰে উপস্থিত থাকে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-08-14/tzisk2zv/71d5b197-4cdc-4008-918d-ecdf368213b2.jpg)
Also Read: নকওঁ বুলিও ক'বলগীয়া কথাবোৰ...