/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-08-15/fp6nrgq4/5.jpg)
ডিজিটেল সংবাদ, বাক্সা: সমগ্ৰ দেশৰ লগতে বাক্সা জিলাতো উদযাপন কৰা হৈছে দেশৰ ৭৮ তম্ স্বাধীনতা দিৱস। এই উপলক্ষ্যে বাক্সা জিলাৰ বাথৌফুৰিস্থিত জিলা ক্ৰীড়া প্ৰকল্পৰ খেলপথাৰত আয়োজিত অনুষ্ঠানত ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰে জিলা আয়ুক্ত কৃষ্ণা বৰুৱাই।
তেওঁ ভাষণ প্ৰসংগত জিলাখনৰ বিভিন্ন উন্নয়ন মূলক কাৰ্যৰ খতিয়ান দাঙি ধৰে । আজিৰ কাৰ্যসূচীৰ অংশস্বৰূপে প্ৰায় ৩০খন বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ দলৰ লগতে এন.চি.চি আৰু আৰক্ষী-বেটেলিয়নৰ চালামী অভিবাদন গ্ৰহণ কৰে অনুষ্ঠানৰ মুখ্য অতিথি কৃষ্ণা বৰুৱাই। আনহাতে টিহু- বৰমা প্ৰাথমিক শিক্ষা খণ্ডৰ অন্তৰ্গত আলাগজাৰ প্ৰাথমিক বিদ্যালয়তো ৭৮ তম স্বাধীনতা দিৱস উদযাপন কৰা হয় ।
ৰাষ্ট্ৰীয় পতকাখন উত্তোলন কৰে আলাগজাৰ প্ৰাথমিক বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি ৰৈছুমৈ ৰামছিয়াৰীয়ে। বিদ্যালয়খনৰ সহকাৰী শিক্ষয়িত্ৰী মনোমতী স্বৰ্গীয়াৰীয়ে আঁতধৰা সাংস্কৃতিক অনুষ্ঠানত বিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰী, প্ৰাক্তন ছাত্ৰ-ছাত্ৰী আৰু অভিভাৱকসকলে অংশগ্ৰহণ কৰে ।