ধেমাজি জিলা পতঞ্জলি যোগ সমিতিৰ উদ্যোগত স্বাধীনতা দিৱস পালন

সমগ্ৰ দেশৰ লগতে আজি চিলাপথাৰতো পালন কৰা হ'ল দেশৰ ৭৯ সংখ্যক স্বাধীনতা দিৱস। ধেমাজি জিলা পতঞ্জলি যোগ সমিতিৰ উদ্যোগত আৰু ভাৰত স্বাভিমান ন্যাসৰ সহযোগত অঞ্চলটোৰ কালাচনবাড়ীত পালন কৰা হয় স্বাধীনতা দিৱস।

author-image
Asomiya Pratidin
New Update
104

ডিজিটেল সংবাদ, চিলাপথাৰ : সমগ্ৰ দেশৰ লগতে আজি চিলাপথাৰতো পালন কৰা হ'ল দেশৰ ৭৯ সংখ্যক স্বাধীনতা দিৱস। ধেমাজি জিলা পতঞ্জলি যোগ সমিতিৰ উদ্যোগত আৰু ভাৰত স্বাভিমান ন্যাসৰ সহযোগত অঞ্চলটোৰ কালাচনবাড়ীত পালন কৰা হয় স্বাধীনতা দিৱস।

বন্তি প্ৰজ্বলন, মাল্যাৰ্পণ গায়ত্ৰী মন্ত্ৰ জপ, ভাৰত মাতা পূজনৰ পিছতে উত্তোলন কৰে ৰাষ্ট্ৰীয়‌ পতাকা।  ৰাষ্ট্ৰীয় সংগীতৰ পিছতে "ভাৰত মা কি জয়, বন্দে মাতৰম আদি ধ্বনিৰে কঁপাই তোলে উদযাপনস্থলী। 

শিশুসকলে প্ৰদৰ্শন কৰে যোগ আৰু ইয়াৰ বিভিন্ন কলা কৌশল। বিয়লি স্বাধীনতা দিৱসৰ উপলক্ষত শিশুসকলৰ মাজত অনুষ্ঠিত কৰে বিভিন্ন প্ৰতিযোগিতা।

ধেমাজি