খেল পথাৰত প্ৰৱেশ কৰা ৰোহিতৰ অনুৰাগীয়ে ভৰিব লাগিব বৃহৎ পৰিমাণৰ জৰিমণা....

rohit sarma
rohit sarma

ডিজিটেল ডেস্কঃ টি-২০ বিশ্বকাপৰ দেওবাৰৰ ভাৰত বনাম জিম্বাৱেৰ মাজৰ মেচখনত বিশ্ববাসীয়ে প্ৰত্যক্ষ কৰিলে এক বিশেষ দৃশ্য। খেলৰ মাজতেই হঠাৎ খেলপথাৰৰ মাজত প্ৰৱেশ কৰিলে এজন যুৱকে।

নিৰাপত্তা ব্যৱস্থাক ভেদ কৰি যুৱকজনে দৌৰ মাৰিলে ভাৰতীয় অধিনায়ক ৰৌহিত শৰ্মাক লক্ষ্য কৰি তেওঁৰ কাষলৈ। দ্বিতীয় ইনিংছৰ ১৭ অভাৰত সংঘটিত হৈছিল এই ঘটনা।

খেল পথাৰ প্ৰৱেশ কৰা যুৱকজনে ভাৰতীয় অধিনায়কগৰাকীক সন্মুখত পাই আৱেগিকো হৈ পৰিছিল। এই দৃশ্য বিশ্বজুৰি ভাইৰেল হৈ পৰাৰ সময়তে নেটিজেনে যুৱকজনৰ এই কাৰ্যক সাহসী বুলি আখ্যা দিয়াৰ বিপৰীতে আন একাংশই নিৰাপত্তাৰ দিশটোক লৈও প্ৰশ্ন উত্থাপন কৰিছে।

তাৰ মাজতে আহিছে আন এক খবৰ। খেলপথাৰত প্ৰৱেশ কৰি ৰোহিতক সাক্ষাৎ কৰা এই যুৱকজনে এতিয়া ভৰিব লাগিব বৃহৎ পৰিমাণৰ জৰিমণা।

নিৰাপত্তা ব্যৱস্থাক বাধা দিয়াৰ বাবেই এই যুৱকজনক এতিয়া প্ৰায় চাৰে ছয় লাখ টকাৰ জৰিমণা বিহা হৈছে। উল্লেখ্য যে আজিৰ মেচখনত ভাৰতীয় দলে জিম্বাৱেক ১৮৬ ৰাণৰ লক্ষ্য নিৰ্ধাৰণ কৰি দিছিল আৰু জিম্বাৱে দলটোৱে এই লক্ষ্য অনুসৰণ কৰি ১১৫ ৰাণতে আটাইকেইটা উইকেট হেৰুৱায়।

ফলত ভাৰতীয় দলটোৱে ৭১ ৰাণৰ ব্যৱধানত জয় লাভ কৰে। ভাৰতীয় দলটোৰ হৈ কে এল ৰাহুল আৰু সূৰ্য কুমাৰে অৰ্ধশতকীয় ইনিংছ খেলিবলৈ সক্ষম হয়।

Related Stories

No stories found.
logo
Asomiya Pratidin
www.asomiyapratidin.in