ভাৰতৰ বিৰুদ্ধে শৃংখলা দখলৰ লক্ষ্যৰে দক্ষিণ আফ্ৰিকা...

আজি ধোনীৰ চহৰ ৰাঁচীত ভাৰত -দক্ষিণ আফ্ৰিকাৰ মাজত দ্বিতীয় এদিনীয়া

author-image
Asomiya Pratidin
New Update
ভাৰতৰ বিৰুদ্ধে শৃংখলা দখলৰ লক্ষ্যৰে দক্ষিণ আফ্ৰিকা...

sa vs ind

ডিজিটেল ডেস্কঃ ভাৰতীয় ক্ৰিকেট দলৰ প্ৰাক্তন অধিনায়ক মহেন্দ্ৰ সিং ধোনীৰ গৃহ চহৰ ৰাঁচীত আজি অনুষ্ঠিত হ'ব ভাৰত -দক্ষিণ আফ্ৰিকাৰ দ্বিতীয়খন এদিনীয়া মেচ। দক্ষিণ আফ্ৰিকাই ভাৰতৰ মাটিত তিনিখনীয়া টী-২০ শৃংখলা আৰু সমসংখ্যক এদিনীয়া মেচ খেলিবলৈ আহিছে।

Advertisment

ইয়াৰে ৰোহিত শৰ্মাৰ নেতৃত্বত ভাৰতে টী-২০ শৃংখলা জয় কৰাৰ পাছত, শিখৰ ধাৱনৰ নেতৃত্বাধীন ভাৰতক প্ৰথমখন এদিনীয়াত আলহী দলটোৱে পৰাস্ত কৰিছে। সেই অনুসৰি দেওবাৰে ৰাঁচীত হ'বলগীয়া দ্বিতীয়খন মেচত বাভুমা বাহিনীয়ে ভাৰতক পৰাস্ত কৰি এদিনীয়া শংখলা জয় কৰিব বিচাৰে।

cricket IND VS SA