আজি দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে ভাৰতৰ প্ৰথম এদিনীয়া...

শিখৰ ধাৱানৰ নেতৃত্বত ভাৰতীয় দল
ind vs sa odi
ind vs sa odi

ডিজিটেল ডেস্কঃ ভাৰতৰ বিৰুদ্ধে তিনিখনীয়া টী-২০ আৰু সমসংখ্যক শৃংখলা খেলাৰ বাবে দক্ষিণ আফ্ৰিকা ভাৰতলৈ আহিছে । ভাৰতে নিয়মীয়া অধিনায়ক ৰোহিত শৰ্মাৰ নেতৃত্বত টী-২০ শৃংখলা জয় কৰাৰ পাচত, বৃহস্পতিবাৰে শিখৰ ধাৱানৰ নেতৃত্বত ভাৰতীয় দলে দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে শৃংখলাৰ প্ৰথমখন এদিনীয়া মেচৰ অভিযান আৰম্ভ কৰে।

আলহী দলটোৱে ৪০ অভাৰত ৪টা উইকেটৰ বিনিময়ত জয়ৰ বাবে ভাৰতৰ সন্মুখত ২৫০ ৰাণৰ লক্ষ্য বান্ধি দিছে। দলটোৰ হৈ ক্লাছেন আৰু মিলাৰে অৰ্ধ শতক কৰাৰ উপৰি উইকেট ৰক্ষক বেটছমেন কুইনণ্টন ডিককে ৪৮ ৰাণৰ বৰঙণি যোগায়।

shreyas
shreyas

বাতৰি লিখা পৰলৈকে ভাৰতে ৩০ অভাৰত ৫টা উইকেটৰ বিনিময়ত ১৪৬ ৰাণ কৰিছে। নিৰ্ভৰযোগ্য বেটছমেন শ্ৰেয়াছ আয়াৰে অৰ্ধ শতক কৰাৰ উপৰি অধিনায়ক ধাৱানে ১৬টা বলত মাত্ৰ ৪ ৰাণ কৰি পেভিলিয়নমুখী হয়।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in