কাউণ্টডাউন আৰম্ভঃ ভাৰতীয় দলেই নহয় ষ্টেডিয়ামত দেখিব সুনীল গাভাস্কাৰ, ৰবি শাস্ত্ৰী আৰু বহুতকে....

সকলো ঠিকেই থাকিলে অসমৰ ক্ৰিকেট অনুৰাগীয়ে উপহাৰ পাব এখন বিজয়সূচক...

author-image
Asomiya Pratidin
New Update
কাউণ্টডাউন আৰম্ভঃ ভাৰতীয় দলেই নহয় ষ্টেডিয়ামত দেখিব সুনীল গাভাস্কাৰ, ৰবি শাস্ত্ৰী আৰু বহুতকে....

BARSHAPARA

ডিজিটেল ডেস্কঃ ক্ৰিকেট জ্বৰত আক্ৰান্ত গুৱাহাটী। ২ অক্টোবৰত গুৱাহাটীৰ বৰ্ষাপাৰত অনুষ্ঠিত হ'বলগীয়া ভাৰত- দক্ষিণ আফ্ৰিকাৰ মাজৰ টি-২০ মেচক লৈ ইতিমধ্যে আৰম্ভ হৈছে কাউণ্টডাউন। মেচখন সফলতাৰে অনুষ্ঠিত কৰিবলৈ অসম ক্ৰিকেট সন্থাৰ লগতে সুৰক্ষাৰ ক্ষেত্ৰত অতি কঠোৰ পদক্ষেপ গ্ৰহণ কৰিছে অসম আৰক্ষীয়ে।

Advertisment

অসম ক্ৰিকেট সন্থাৰ ফালৰ পৰা প্ৰকাশিত খবৰ মতে ভাৰত-দক্ষিণ আফ্ৰিকাৰ মাজৰ এই টি-২০ মেচখন ষ্টেডিয়ামৰ গেলাৰীত বহি ৪২ হাজাৰ দৰ্শকে উপভোগ কৰিব। ষ্টেডিয়ামত প্ৰৱেশ কৰিবৰ বাবে সাজু আছে মুঠ ৮ খনকৈ প্ৰৱেশদ্বাৰ। ইয়াৰ উপৰিও বি চি চি আই, সংবাদ মাধ্যমৰ লোকৰ লগতে ভি ভি আই পি, ভি আই পি আদিৰ বাবে সাজু কৰি ৰখা হৈছে ১৮ টাকৈ শীততাপ নিয়ন্ত্ৰিত কোঠা।

ইতিমধ্যে সকলো প্ৰস্তুতি সম্পূৰ্ণ কৰা ভাৰত-দক্ষিণ আফ্ৰিকাৰ এই মেচখনৰ বাবে আজি দুয়োটা দল গুৱাহাটীত উপস্থিত হোৱাৰ কথা। নিৰ্ধাৰিত সময়তেই দুয়োটা দল উপস্থিত হোৱাৰ পিছত ৩০ ছেপ্টেম্বৰৰ পৰা বৰ্ষাপাৰা ক্ৰিকেট ষ্টেডিয়ামতে কৰিব অনুশীলন।

ক্ৰিকেট বিশেষজ্ঞৰ মতে গুৱাহাটীৰ মেচখনত ভাৰতেই ফেভাৰিত। বৰষুণে বাধা নিদিলে অসমৰ ক্ৰিকেট অনুৰাগীয়ে ভাৰতীয় দলটোৰ পৰা বিজয়সূচক এখন মেচ উপহাৰ পাব বুলি ধাৰণা কৰা হৈছে। উল্লেখ্য যে, বৰঝাৰস্থিত আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই জাৰি কৰা জাননী অনুসৰি ২ অক্টোবৰৰ দিনটোত গুৱাহাটীত বৰষুণ হোৱাৰ সম্ভাৱনা প্ৰৱল।

ইফালে মেচখন উপভোগ কৰিবলৈ বি চি চি আইৰ সচিব জয় শ্বাহক নিমন্ত্ৰণ ,জনোৱা হৈছে বুলি জানিব পৰা গৈছে। ষ্টেডিয়ামৰ গেলাৰীত অতিথিৰ শাৰীত অন্যান্য লোকৰ লগতে জয় শ্বাহকো দেখিবলৈ পাব। ধাৰাভাষ্যকাৰ হিচাপে থাকিব লিটল মাষ্টাৰ সুনীল গাভাস্কাৰ, ৰবি শাস্ত্ৰী, আকাশ চোপ্ৰা, মুৰুলী কাৰ্তিক, সঞ্জয় মাঞ্জেৰেকাৰ।

IND VS SA south africa BARSHAPARA ASSAM CRICKET bcci team india