/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-10/6446073a-56eb-474b-a439-4a9fe2a87420/ind_vs_sa_in_wc.jpg)
ind vs sa
ডিজিটেল ডেস্কঃ অষ্ট্ৰেলিয়াত অনুষ্ঠিত হৈছে ২০২২বৰ্ষৰ টি-২০ বিশ্বকাপ। দেওবাৰে লীগ পৰ্যায়ৰ এখন মেচত দক্ষিণ আফ্ৰিকাৰ মুখামুখি হ'ব ৰোহিত শৰ্মা নেতৃত্বাধীন ভাৰতীয় ক্ৰিকেট দল।
এইবৰ্ষৰ বিশ্বকাপত বিগত মেচ দুখনত পাকিস্তান আৰু নেডাৰলেণ্ডছৰ বিপক্ষে জয়লাভ কৰি আত্মবিশ্বাসী ভাৰতীয় দলৰ প্ৰতিগৰাকী সদস্য। সেই অনুসৰি আজি হ'বলগীয়া মেচত বাভুমা নেতৃত্বাধীন দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে আত্মবিশ্বাসৰে খেলপথাৰত অৱৰ্তীৰ্ণ হ'ব ভাৰতীয় দলটো।
উল্লেখ্য যে, শেহতীয়া মেচত ৰোহিত,বিৰাট আৰু সূৰ্য কুমাৰৰ প্ৰদৰ্শনে আস্থাত ৰাখিছে প্ৰশিক্ষক দ্ৰাবিড়ৰ উপৰিও দলীয় মেনেজমেণ্টক। অৱশ্যে দলৰ সহ অধিনায়ক কে এল ৰাহুলৰ ধাৰাবাহিক ব্যৰ্থতা দলৰ বাবে চিন্তাৰ কাৰণ। কিয়নো অপেনিং ব্যৰ্থতা মানেই মিডল অৰ্ডাৰত চাপৰ কাৰণ। আজি হ'বলগীয়া মেচৰ সময় ভাৰতীয় সময় অনুসৰি আবেলি ৪-৩০ বজাত।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us