/asomiyapratidin/media/media_files/2025/02/23/59QXGQwn01p1jjoM3zPW.jpg)
ind vs pak
ডিজিটেল ডেস্ক : এতিয়া দেশৰ চৌদিশে আবতৰীয়া দীপাৱলীৰ পৰিৱেশ সৃষ্টিৰে ক্ৰিকেটপ্ৰেমীৰ আনন্দ- উল্লাস। উদযাপন কৰিলে টীম ইণ্ডিয়াৰ বিজয় উৎসৱ।
ডুবাইত চিৰবৈৰী পাকিস্তানক বধ কৰিলে টীম ইণ্ডিয়াই। চেম্পিয়নছ ট্ৰফীৰ দেওবাৰে ডুবাই আন্তৰ্জাতিক ষ্টেডিয়ামত অনুষ্ঠিত হাইভ’ল্টেজ মেচখনত চিৰবৈৰী পাকিস্তানক অনাসয়ে পৰাস্ত কৰে ৰোহিত শৰ্মা নেতৃত্বাধীন টীম ইণ্ডিয়াই।
বলিং বান্ধৱ পিটছৰ সুবৰ্ণ সুযোগ গ্ৰহণ কৰি ভাৰতীয় বলাৰসকলে আধিপত্য বিস্তাৰ কৰিবলৈ সক্ষম হয়। ভাৰতৰ নিয়ন্ত্ৰিত বলিঙৰ আগত তিষ্ঠিব নোৱাৰি পাকিস্তানে নিৰ্ধাৰিত ৫০ অ’ভাৰৰ ৪৯. ৪ অ’ভাৰতে আটাইকেইটা উইকেট হেৰুৱাই ২৪১ ৰান সংগ্ৰহ কৰিবলৈ সক্ষম হয়।
ভাৰতীয় বলিঙৰ প্ৰত্যাহ্বান গ্ৰহণ কৰি পাকিস্তানৰ হৈ শ্বদ চাকিলে সৰ্বাধিক ৬২ ৰান সংগ্ৰহ কৰে। বাকীসকল বেটাৰ সম্পূৰ্ণৰূপে ব্যৰ্থ হয়। আজিৰ মেচখনত পাকিস্তানক পোনতে আঘাত হানে হাৰ্ডিক পাণ্ডিয়াই। তেওঁ অ’পেনিং বেটাৰ বাবৰ আজমক পেভিলিয়নৰ বাট দেখুৱায়। বাবৰে মাত্ৰ ২৩ ৰান কৰিয়েই বিদায় মাগে। ভাৰতৰ হৈ কুলদীপ যাদৱে ৩টা উইকেট দখল কৰে।
ইফালে বিজয় লক্ষ্য আগত লৈ টীম ইণ্ডিয়াই ৰোহিতৰ উইকেট হেৰুৱাই চিন্তাত পৰে যদিও গীল আৰু বিৰাট কোহলিৰ যুটিয়ে দলৰ ভেঁটি গঢ়ে। অধিনায়ক ৰোহিতে ২০ কৰি বিদায় ল’লেও শুভমন গীলে ৪৬ ৰান আৰু শ্ৰেয়াছ আয়াৰে ৫৬ ৰান সংগ্ৰহ কৰে।
আনহাতে আজিৰ এই মেচতে শতৰাণ কৰি বিজয়সূচক ইনিংছ উপহাৰ দিয়ে বিৰাট কোহলিয়ে। কোহলিয়ে অক্ষৰ পেটেলৰে যুটি বান্ধি শতৰাণ সম্পূৰ্ণ কৰি দলৰ জয়ত মূখ্য ভূমিকা পালন কৰে। বিৰাট কোহলি প্লেয়াৰ অৱ দা মেচৰ সন্মান লাভ কৰে। আনহাতে আজিৰ এই মেচতে কোহলিয়ে আন্তৰ্জাতিক এদিনীয়া ক্ৰিকেটত ১৪,০০০ ৰান সম্পূৰ্ণ কৰে।