আজি নিউজিলেণ্ডৰ বিৰুদ্ধে ভাৰতৰ দ্বিতীয় টি-২০...

ভাৰতে ২টা উইকেটৰ বিনিময়ত ১০৮ ৰানত সূৰ্য কুমাৰ আৰু শ্ৰেয়াছ আয়াৰে বেটিং কৰি আছে
দ্বিতীয় টি-২০
দ্বিতীয় টি-২০

ডিজিটেল ডেস্কঃ সদ্যসমাপ্ত টি-২০ বিশ্বকাপত পৰাজয়ৰ কথা পাহৰি প্ৰত্যাৱৰ্তনৰ লক্ষ্যৰে কিছুদিন পূৰ্বে নিউজিলেণ্ডত উপস্থিত হৈছে ভাৰতীয় ক্ৰিকেট দল। কিৱিৰ বিপক্ষে ৩খন টি-২০ আৰু সমসংখ্যক এদিনীয়া শৃংখলা খেলাৰ উদ্যেশ্যে তাত উপস্থিত হৈছে ভাৰতীয় দলটো।

উল্লেখ্য যে, টি-২০ ক্ৰিকেটৰ ভৱিষ্যতৰ কথা চিন্তা কৰি বি চি চি আইয়ে ক্ৰিকেটৰ চমু সংস্কৰণত ভাৰতীয় দলৰ নেতৃত্বৰ ভাৰ অলৰাউণ্ডাৰ হাৰ্ডিক পাণ্ডিয়াৰ হাতত অৰ্পন কৰিছিল। আনহাতে এদিনীয়া দলৰ নেতৃত্ব শিখৰ ধাৱনৰ হাতত অৰ্পন কৰি ভাৰতীয় দলটো নিউজিলেণ্ড ভ্ৰমণলৈ পঠিয়াছে।

সেই অনুসৰি আজি নিউজিলেণ্ডত অনুষ্ঠিত হৈছে টি-২০ শৃংখলাৰ দ্বিতীয়খন মেচ। টছত জয়ী হৈ ঘৰুৱা দলটোৱে ফিল্ডিং কৰাৰ সিদ্ধান্ত লৈ ভাৰতক প্ৰথমে বেট ধৰাৰ বাবে আমন্ত্ৰণ জনায়। বাতৰি লিখা পৰলৈকে প্ৰথম ইনিংছত ভাৰতে ২টা উইকেটৰ বিনিময়ত ১০৮ ৰানত সূৰ্য কুমাৰ আৰু শ্ৰেয়াছ আয়াৰে বেটিং কৰি আছে। অৱশ্যে বৰষুণৰ বাবে কিছু সময় খেল বন্ধ ৰাখে যদিও পৰৱৰ্তী সময়ত পুনৰ খেল অনুষ্ঠিত কৰে।

আৰু পঢ়কঃ ব্ৰহ্মপুত্ৰ ভেলী একাডেমীৰ বাৰ্ষিক যুৱ মহোৎসৱ...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in