/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-01/91bfd83c-df77-489f-80d5-5dca865bd33c/ind_vs_nz1.jpg)
অপ্ৰতিৰোদ্ধ ভাৰত
ডিজিটেল ডেস্কঃ জয়ৰ ধাৰাবাহিকতা অক্ষুন্ন ভাৰতীয় ক্ৰিকেট দলৰ। শ্ৰীলংকাৰ বিপক্ষে টি-২০ আৰু এদিনীয়া শৃংখলা দখল কৰাৰ পাছতে আলহী দল নিউজিলেণ্ডৰ বিৰুদ্ধে দুৰ্দান্ত বিজয় লাভ ভাৰতৰ।
কিছুদিন পূৰ্বে ভাৰতৰ বিপক্ষে এদিনীয়া আৰু টি-২০ শৃংখলা খেলাৰ উদ্যেশ্যে ভাৰত ভ্ৰমণলৈ আহিছে নিউজিলেণ্ড ক্ৰিকেট দল। এদিনীয়া শৃংখলাৰ প্ৰথমখন এদিনীয়া মেচ বুধবাৰে হায়দৰাবাদত অনুষ্ঠিত হৈছে। মেচখনৰ টছত জয়ী হৈ ৰোহিত শৰ্মা নেতৃত্বাধীন ভাৰতীয় দলে প্ৰথমে বেট ধৰাৰ সিদ্ধান্ত লয়।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-01/156e0112-a23b-46a6-af14-44a16c6ba1e6/77moro5g_shubman_gill_afp_625x300_18_January_23.webp)
প্ৰতিশ্ৰুতি সম্পন্ন অপেনিং বেটাৰ শুভমন গীলৰ দুৰ্দান্ত দ্বি-শতকৰ সহায়ত ঘৰুৱা দলটোৱে নিৰ্ধাৰিত অভাৰত ৩৪৯ ৰান সংগ্ৰহ কৰে। জয়ৰ বাবে ৩৫০ ৰানৰ লক্ষ্য লৈ আগবঢ়া নিউজিলেণ্ডে ৪৯.২ অভাৰতে আটাইকেইটা উইকেট হেৰুৱাই ৩৩৭ ৰানত থমকি পৰাজয়বৰণ কৰে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-01/d07477a6-a4a1-49b1-8cc7-df418bd60f4c/ap23018567962603_sixteen_nine.avif)
অৱশ্যে মেচৰ প্ৰায় শেষ মুহুৰ্তলৈকে মিচেল ব্ৰেচৱেলে দলৰ আশা সজীৱ কৰি ৰাখিছিল যদিও তেঁও ১৪০ ৰান কৰি ছাৰ্দুল ঠাকুৰৰ বলত পেভিলিয়নমুখী হয়। ভাৰতৰ হৈ মহম্মদ ছিৰাজে ৪টা উইকেট দখল কৰে। উল্লেখ্য যে ভাৰতে শ্ৰীলংকাৰ বিৰুদ্ধে জয়লাভ কৰাৰ পাছত বৰ্তমানলৈকে অপ্ৰতিৰোদ্ধ হৈ আছে ভাৰতীয় ক্ৰিকেট দল।
আৰু পঢ়কঃ শুভমন গিলে আনিলে ৰাণৰ বৰষুণঃ দলৰ বিপদত খেলিলে দ্বিশতকীয় ইনিংছ...