টি-২০ বিশ্বকাপঃ নেডাৰলেণ্ডছৰ বিৰুদ্ধে ভাৰতৰ ৰোহিত-বিৰাট আৰু সূৰ্যৰ অৰ্ধশতক...

পুনৰ ব্যৰ্থ কে এল ৰাহুল

author-image
Asomiya Pratidin
New Update
টি-২০ বিশ্বকাপঃ নেডাৰলেণ্ডছৰ বিৰুদ্ধে ভাৰতৰ ৰোহিত-বিৰাট আৰু সূৰ্যৰ অৰ্ধশতক...

Virat

ডিজিটেল ডেস্কঃ বিশ্বৰ ক্ৰিকেট অনুৰাগী এতিয়া ক্ৰিকেট জ্বৰত আক্ৰান্ত। কিয়নো সম্প্ৰতি অষ্ট্ৰেলিয়াত চলি আছে টি-২০ বিশ্বকাপ ২০২২। দেশখনৰ মেলব'ৰ্ণ,ছিডনী আদি ভিন্ন চহৰৰ ষ্টেডিয়ামত দৰ্শকৰ চিঞৰ,উন্মাদনা। বিশ্বকাপত ভাৰতৰ আজি লীগ পৰ্যায়ৰ দ্বিতীয়খন মেচ।

Advertisment

উল্লেখ্য যে, প্ৰথমখন মেচত বাবৰ আজম নেতৃত্বাধীন পাকিস্তানক হৰুৱাই আত্মবিশ্বাসী ৰোহিত বাহিনী। লীগৰ দ্বিতীয়খন মেচত ভাৰত মুখামুখি হৈছে ক্ৰিকেটৰ শিশু নেডাৰলেণ্ডছৰ বিৰুদ্ধে। আজিৰ এই মেচখনত প্ৰথমে ভাৰতে বেট ধৰি নেডাৰলেণ্ডছক জয়ৰ বাবে নিৰ্ধাৰিত ২০ অভাৰত মাত্ৰ ২টা উইকেটৰ বিনিময়ত ১৮০ ৰানৰ লক্ষ্য বান্ধি দিয়ে।

Rohit
Rohit

অন্যহাতে আজিৰ এই মেচত শেহতীয়াকৈ দুৰ্বল ফৰ্মত ভুগি থকা ভাৰতৰ অধিনায়ক ৰোহিত শৰ্মাই ৫৩ ৰান কৰি তেওঁৰ ছন্দ ঘূৰাই পায়। তদুপৰি পাকিস্তানৰে হোৱা মেচত ভাৰতৰ জয়ৰ নায়ক কিঙ কোহলিয়ে অপৰাজিত ৬২ ৰানৰ বৰঙণি যোগায়।

SKY
SKY

সম্প্ৰতি ফ্ৰমহীনতাত ভুগি থকা নিৰ্ভৰযোগ্য বেটছমেন কে এল ৰাহুল আজিও ব্যৰ্থ হোৱাৰ বিপৰীতে প্ৰতিভাৱান বেটছমেন সূৰ্য কুমাৰ যাদৱে ৫১ ৰান কৰি অপৰাজিত হৈ থাকে।

cricket icct20wc rohit sarma virat kohli surya kumar yadav