প্ৰত্যাৱৰ্তনৰ বাবে সাজু কৰুণ নায়াৰ

এবছৰ, দুবছৰ নহয় সুদীৰ্ঘ ৭টা বছৰৰ অপেক্ষাৰ অন্ত পেলাবলৈ আৰু মাত্ৰ কিছু ক্ষণ। আৰম্ভ হৈছে ভাৰত- ইংলেণ্ডৰ মাজত হ’ব লগা প্ৰথমখন টেষ্টৰ প্ৰহৰ গণনা।

author-image
Asomiya Pratidin
New Update
fyhdt

ডিজিটেল ডেস্ক : এবছৰ, দুবছৰ নহয় সুদীৰ্ঘ ৭টা বছৰৰ অপেক্ষাৰ অন্ত পেলাবলৈ আৰু মাত্ৰ কিছু ক্ষণ। আৰম্ভ হৈছে ভাৰত- ইংলেণ্ডৰ মাজত হ’ব লগা প্ৰথমখন টেষ্টৰ প্ৰহৰ গণনা। শুকুৰবাৰে বিয়লি ৩-৩০ বজাত হেডিংলেত অনুষ্ঠিত হ’ব তেণ্ডুলকাৰ- এণ্ডাৰছন ট্ৰফীৰ প্ৰথমখন টেষ্ট মেচ।

Advertisment

উভয় দেশৰ এই দুই কিংবদন্তিৰ নামেৰে নামাংকিত ট্ৰফীৰ জৰিয়তে পুনৰ টেষ্ট ক্ৰিকেটত প্ৰত্যাৱৰ্তনৰ বাবে সাজু হৈছে অভিজ্ঞ কৰুণ নায়াৰ। শেহতীয়া ছিজনৰ ঘৰুৱা ক্ৰিকেটত আগবঢ়োৱা অনবদ্য প্ৰদৰ্শনৰ ভিত্তিত আই পি এলত সুযোগ পোৱা আৰু তাৰ পৰৱৰ্তী সময়ত সুদীৰ্ঘ ৭বছৰৰ অন্তত ভাৰতীয় জাতীয় দলত স্থান লাভ কৰা কৰুণ নায়াৰে আজিৰ এই মেচেৰে প্ৰত্যাৱৰ্তন ঘটাব বুলি এক সূত্ৰৰ পৰা জানিব পৰা গৈছে। 

ইংলেণ্ডৰ বিৰুদ্ধে দীঘলীয়া ইনিংছ খেলাই হ’ব তেওঁৰ মূল লক্ষ্য। ইতিমধ্যে তেওঁ ইয়াৰ বাবে নেটত কঠোৰ অনুশীলন কৰিছে। তাৰোপৰি বেচৰকাৰী মেচত তেওঁ ৰানো পাইছে। অৱশ্যে তাৰ মাজতে তেওঁ নেটত অনুশীলন কৰি থকা অৱস্থাত সামান্য পৰিমাণে আঘাত পাইছিল যদিও এতিয়া সেই আঘাতৰ পৰা সুস্থ হৈ উঠিছে।

ind vs eng test