/asomiyapratidin/media/media_files/2025/07/24/test-24-2025-07-24-08-57-21.jpg)
ডিজিটেল ডেস্কঃ ইংলেণ্ডত ছিৰিজ জয় কৰিবলৈ মানচেষ্টাৰ টেষ্ট জয় কৰাটো ভাৰতৰ বাবে বাধ্যতামূলক। একপ্ৰকাৰে ছিৰিজ জয় কৰিবলৈ মানচেষ্টাৰত মৰণপন যুঁজ দিব লাগিব ভাৰতে। ৫ খন টেষ্টৰ ছিৰিজৰ এইখন চতুৰ্থখন টেষ্ট। ইতিমধ্যে ইংলেণ্ডে ২ খন টেষ্ট জয় কৰি ২-১ অগ্ৰগতি লাভ কৰিছে।
মানচেষ্টাৰৰ এই যুঁজ আৰম্ভ হৈছে। কিন্তু মানচেষ্টাৰৰ ২২ গজৰ যুঁজ যে ভাৰতৰ বাবে ইমান সহজ নহয় সেয়া স্পষ্ট হৈছে। বুধবাৰে প্ৰথম দিনৰ খেলত ভাৰতৰ প্ৰদৰ্শন সন্তোষজনক যদিও কেইবাটাও কাৰণত অতি চিন্তনীয় হৈ পৰিছে।
বেজ বল আৰ্হিৰে খেলা ইংলেণ্ডৰ বলিং আক্ৰমণ প্ৰতিহত কৰি ভাৰতীয় বেটেছমেনেও আক্ৰমণাত্মক খেলেই প্ৰদৰ্শন কৰিব বুলি ধাৰণা কৰা হৈছিল যদিও অপেনাৰ যশস্বী জয়ছোৱালে বহু লেহেমীয়া গতিৰে ইনিংছ আৰম্ভ কৰিলে। অৱশ্যে এই পীটছ বেগী বলাৰৰ বাবে যথেষ্ট সহায়ক।
১০৭ টা বলত ৫৮ ৰাণ কৰি আউট জয়ছোৱাল। ৯৮ বলত ৪৬ ৰাণ কৰি আউট কে এল ৰাহুল। ছাই সুদৰ্শনেও লেহেমীয়া গতিৰেই খেলি ১৫১ টা বল খেলি কৰিলে ৬১ ৰাণ। মাত্ৰ ১২ ৰাণ কৰি পেভিলিয়নলৈ উভতিল অধিনায়ক শুভমণ গীল। দিনান্তত ক্ৰীজত থিয় হৈ থাকে ৰবীন্দ্ৰ জাডেজা আৰু শাৰ্দুল ঠাকুৰ। দুয়োজনে ১৯ ৰাণকৈ সংগ্ৰহ কৰিছে। ব’ৰ্ডত ভাৰতৰ দলীয় স্ক’ৰ ৪ উইকেটত ২৬৪ ৰাণ।
প্ৰথম দিনটোত ভাৰতে লেহেমীয়া আৰম্ভণি কৰিলে যদিও এক সন্তোষজনক পৰ্যায়ত উপনীত হৈছে। কিন্তু অধিনায়ক গীল তথা ভাৰতীয় শিবিৰৰ বাবে চিন্তাৰ বিষয় হৈ পৰিছে ঋষভ পণ্টৰ আঘাত।
মেচখনত টছত জয়লাভ কৰি ভাৰতক বেটিং কৰিবলৈ আমন্ত্ৰণ কৰে বেন ষ্ট’কছে। মানচেষ্টাৰৰ বেগী বলাৰৰ সহায়ক পীটছত নতুন বল খেলাটো সহজ কথাও নহয়। কিন্তু সেই পৰীক্ষাত সফলতাৰে উত্তীৰ্ণ হয় ৰাহুল-যশস্বীৰ যুটি।
মেচখনত ভাৰতৰ আটাইতকৈ চিন্তাৰ কাৰণ হৈ পৰিছে পণ্টৰ আঘাত। পণ্টৰ আঘাতৰ পিছতে ভাৰতৰ ইনিংছৰ গতিও অধিক লেহেমীয়া হৈ পৰিছে। মেচখনৰ ৬৮ নং অভাৰত পেণ্টে ক্ৰীছ ৱ’কেছৰ এটা য়ৰ্কাৰৰ ৰিভাৰ্ছ ছুইপৰ বাবে গৈছিল।
সেই শ্বট খেলাৰ সময়তে আঘাতৰ সন্মুখীন হয় পণ্ট। তেওঁৰ আঘাত ইমান বেছি আছিল যে খেল পথাৰৰ পৰা নিজেই খোজ কাঢ়িও ওলাই যাব নোৱাৰিলে তেওঁ। লৈ যোৱা হ’ল এখন ফীল্ড গাড়ীত।
আজিৰ দ্বিতীয় দিনৰ মেচত তেওঁ বেটিং কৰিব পাৰিবনে নাই সেয়াও সন্দেহৰ বিষয়। পণ্টৰ অনুপস্থিতিৰ অৰ্থই হৈছে ভাৰতৰ ৰাণ ৰেটৰ ওপৰত নকৰাত্মক প্ৰভাৱ।