/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-11/0c69b1b5-a23f-470a-aff0-efc309c5f5e0/ind_vs_eng.jpg)
ভাৰত-ইংলেণ্ড
ডিজিটেল ডেস্কঃ সমগ্ৰ ভাৰতবাসীৰ এটাই আশা বিশ্ব জয়ৰ। বিশ্বৰ লগতে ভাৰতীয় ক্ৰিকেট অনুৰাগী এতিয়া ক্ৰিকেট জ্বৰত আক্ৰান্ত। কিয়নো ছাৰ ব্ৰেডমেনৰ দেশ অষ্ট্ৰলিয়াত সম্প্ৰতি চলি আছে টি-২০ বিশ্বকাপ। ১৫ বছৰৰ মূৰত বিশ্ব জয়ৰ দুৱাৰডলিত উপনীত হৈছে ৰোহিত বাহিনী।
উল্লেখ্য যে, প্ৰাক্তন অধিনায়ক মহেন্দ্ৰ সিং ধোনীৰ নেতৃত্বত ২০০৭ চনত জোহান্সবাৰ্গত চিৰবৈৰী পাকিস্তানক হৰুৱাই প্ৰথমবাৰৰ বাবে টি-২০ বিশ্বকাপ খিতাপ জয় কৰিছিল ভাৰতীয় দলে। সুদীৰ্ঘ বছৰৰ মূৰত পুনৰ ভাৰতীয় দলৰ সন্মূখত বিশ্ব জয়ৰ সুযোগ!
আজি ৰোহিত শৰ্মা নেতৃত্বাধীন ভাৰতীয় দল আৰু জছ বাটলাৰ নেতৃত্বধীন ইংলেণ্ডৰ মাজত এডিলেইডত অনুষ্ঠিত হ'ব বিশ্বকাপৰ ছেমি ফাইনেল। বিশ্বকাপ ফাইনেইলৰ বাবে মহাৰণত নামিব দুই দল। যিটো দল বিজয়ী হ'ব সিটো দলেই পাকিস্তানৰ লগত বিশ্বকাপৰ ফাইনেল মেচত অংশগ্ৰহন কৰিব।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-11/41a6228f-6d4a-4a1e-8265-e2684a82e174/dhoni.jpg)
পূৰ্ণ শক্তিৰে খেলপথাৰত নামিব উভয় দলে। ৰোহিত শৰ্মাৰ ফৰ্মহীনতাই চিন্তিত কৰিলেও,শ্বাসৰুদ্ধকৰ মেচত ৰোহিত নিজৰ ছন্দত উভতি অহাৰ সম্ভাৱনা প্ৰৱল। বিৰাট,ৰাহুল,সূৰ্যৰ উপৰিও বলিংত শেহতীয়া মেচৰ প্ৰদৰ্শন অনুসৰি ভূৱনেশ্বৰ,অৰ্শদীপ আৰু অশ্বিনে প্ৰতিভাৰ উমান দিছে।
অন্যহাতে,ইংলেণ্ডক সহজভাৱে নলয় ভাৰতীয় দলে। কিয়নো বাটলাৰ,বেন ষ্টোকছ আদিৰ দৰে তাৰকাৰে গঠিত ইংৰাজ বাহিনীয়ে মেচৰ শেষ মূহুৰ্তত অঘটন ঘটাই বিজয় সূচক হাঁহি মাৰোতে বৰ বেছি সময় নালাগে। ভাৰতীয় সময় অনুসৰি মেচৰ সময় ১-৩০ বজাত।