ঘৰৰ মাটিত অপ্ৰতিৰোধ্য টীম ইণ্ডিয়া : ৩-০ৰ ব্যৱধানত ইংলেণ্ডক পৰাস্ত কৰি শৃংখলা দখল

উদীয়মাণ ক্ৰিকেটাৰ শুভমন গীলৰ শতকৰ উপৰি বিৰাট কোহলি আৰু শ্ৰেয়াছ আয়াৰৰ দৰ্শনীয় অৰ্ধ শতকৰ সহায়ত ঘৰুৱা দলটোৱে প্ৰতিপক্ষ ইংলেণ্ডৰ বিৰুদ্ধে ৰানৰ পাহাৰ গঢ়ি তোলে। আহমেদাবাদৰ বেটিংবান্ধৱ পিটছত পোনতে বেট ধৰি ৰোহিত বাহিনীয়ে সংগ্ৰহ কৰে ৩৫৬ ৰান।

author-image
Asomiya Pratidin
New Update
ind vs eng

ind vs eng

ডিজিটেল ডেস্ক : এখন, দুখন নহয়, তিনিওখন মেচতে ধাৰাবাহিক বিজয় সাৱ্যস্ত কৰি ইংলেণ্ডৰ বিৰুদ্ধে এদিনীয়া শৃংখলা দখল কৰিলে টীম ইণ্ডিয়াই। বুধবাৰে আহমেদাবাদত অনুষ্ঠিত শৃংখলাৰ অন্তিম তথা নিয়ম ৰক্ষাৰ মেচখনতো ৰোমাঞ্চকৰ বিজয় সাৱ্যস্ত কৰে ঘৰুৱা দল টীম ইণ্ডিয়াই।

Advertisment

উদীয়মাণ ক্ৰিকেটাৰ শুভমন গীলৰ শতকৰ উপৰি বিৰাট কোহলি আৰু শ্ৰেয়াছ আয়াৰৰ দৰ্শনীয় অৰ্ধ শতকৰ সহায়ত ঘৰুৱা দলটোৱে প্ৰতিপক্ষ ইংলেণ্ডৰ বিৰুদ্ধে ৰানৰ পাহাৰ গঢ়ি তোলে। আহমেদাবাদৰ বেটিংবান্ধৱ পিটছত পোনতে বেট ধৰি ৰোহিত বাহিনীয়ে সংগ্ৰহ কৰে ৩৫৬ ৰান।

ind vs eng
ind vs eng

 

ইফালে বিজয় লক্ষ্য অনুসৰণ কৰি আলহী দল ইংলেণ্ডে মাত্ৰ ২১৪ ৰানত আটাইকেইটা উইকেট হেৰুৱাই পৰাজয়বৰণ কৰে। ইংলেণ্ডৰ পৰাজয়ৰ মূলতে ভাৰতীয় বলাৰৰ আক্ৰমণাত্মক বলিং। ভাৰতৰ হৈ অৰ্শদীপ, হৰ্ষিত ৰাণা, অক্ষৰ পেটেল আৰু হাৰ্ডিক পাণ্ডিয়াই দুটাকৈ উইকেট দখল কৰে। আজিৰ এই মেচত শুভমন গীললৈ প্লেয়াৰ অৱ দ্যা মেচৰ সন্মান আগবঢ়োৱা হয়।

ind vs eng