ঘৰৰ মাটিত ইংলেণ্ডক দ্বিতীয় টেষ্টত ধৰাসায়ী কৰিলে ভাৰতে

ইংলেণ্ডক এইবাৰ সুতে-মূলে এসেকা দিলে টীম ইণ্ডিয়াই। তেণ্ডুলকাৰ- এণ্ডাৰছন টেষ্ট শৃংখলাৰ প্ৰথমখন মেচত পৰাস্ত হোৱাৰ পোতক তুলিলে দ্বিতীয় টেষ্টত।

author-image
Asomiya Pratidin
New Update
332

ডিজিটেল ডেস্ক : ইংলেণ্ডক এইবাৰ সুতে-মূলে এসেকা দিলে টীম ইণ্ডিয়াই। তেণ্ডুলকাৰ- এণ্ডাৰছন টেষ্ট শৃংখলাৰ প্ৰথমখন মেচত পৰাস্ত হোৱাৰ পোতক তুলিলে দ্বিতীয় টেষ্টত। 

Advertisment

এই টেষ্টত একেবাৰে ৰাজকীয় বিজয় সাব্যস্ত কৰিলে শুভমন গীল নেতৃত্বাধীন টীম ইণ্ডিয়াই। ২ জুলাইৰ পৰা আৰম্ভ হোৱা দ্বিতীয়খন টেষ্টত পোনতে ভাৰতে বেট ধৰি প্ৰথম ইনিংছত কৰিছিল ৫৮৭ ৰান। এই ৰানৰ মূলতে আছিল জয়ছোৱাল(৮৭), অধিনায়ক শুভমন গীল(২৬৯) আৰু অভিজ্ঞ ৰবীন্দ্ৰ জাডেজা (৮৯) ৰানৰ দৰ্শনীয় অৱদান। 

একেদৰে বলিঙতো ভাৰতীয় বলাৰে আধিপত্য বিস্তাৰ কৰি প্ৰথম ইনিংছত ইংলেণ্ডক ৪০৭ ৰানত বান্ধি ৰাখিছিল। প্ৰথম ইনিংছত আলহী দল ভাৰতৰ নৱাগত বলাৰ আকাশদীপে লাভ কৰিছিল ৪টা উইকেট। তাৰোপৰি মহম্মদ চিৰাজে দখল কৰিছিল ৬টা উইকেট।

আনহাতে দ্বিতীয় ইনিংছত ভাৰতে ৬টা উইকেট হেৰুৱাই সংগ্ৰহ কৰে ৪২৭ ৰান। প্ৰথম ইনিংছৰ দৰে দ্বিতীয় ইনিংছতো উজলি উঠে অধিনায়ক গীল। তেওঁ আগবঢ়াই ১৬১ ৰানৰ বৰঙণি।

ইফালে প্ৰথম ইনিংছত ব্যৰ্থ হোৱা কে এল ৰাহুলে আগবঢ়াই ৫৫ ৰান। তাৰোপৰি ঋষভ পণ্ট (৬৫) আৰু জাডেজাই (৬৯) ৰানৰ উল্লেখনীয় বৰঙণি আগবঢ়ায়। 

ইফালে ভাৰতৰ দ্বিতীয় ইনিংছ সমাপ্ত হোৱাৰ পাছতে ঘৰুৱা দলটোৱে বেটিং কৰিবলৈ নামি ২৭১ ৰানতে থমকি ৰয়। ৬০৮ ৰানৰ বিশাল বিজয় লক্ষ্য আগত লৈ খেলপথাৰত নমা ইংলেণ্ডৰ বেটাৰসকলক অনাসয়ে পেভিলিয়নৰ বাট দেখুৱাই ভাৰতীয় বলাৰে।

দ্বিতীয় ইনিংছত আকাশদীপে লাভ কৰে ৬টা উইকেট। উল্লেখযোগ্য যে, নৱাগত আকাশদীপে সৰ্বমুঠ ১০ উইকেট দখল কৰি সাফল্য বুটলিবলৈ সক্ষম হয়।

ind vs eng test