দ্বিতীয় মেচতো জয়ৰ গতি ধৰি ৰখাই মূল লক্ষ্য টীম ইণ্ডিয়াৰ

ইডেন গাৰ্ডেনত অনুষ্ঠিত প্ৰথমখন টি-২০ মেচত জয়লাভ কৰাৰ পাছত আজি হ’বলগীয়া দ্বিতীয়খন মেচতো জয়ৰ গতি ধৰি ৰখাই মূল লক্ষ্য টীম ইণ্ডিয়াৰ। ঘৰৰ মাটিত শৃংখলা দখলৰ বাবে টীম ইণ্ডিয়াৰ শিবিৰত চলিছে বিশেষ কুছকাৱাজ। 

author-image
Asomiya Pratidin
New Update
ind vs eng

ind vs eng

ডিজিটেল ডেস্ক : ইডেন গাৰ্ডেনত অনুষ্ঠিত প্ৰথমখন টি-২০ মেচত জয়লাভ কৰাৰ পাছত আজি হ’বলগীয়া দ্বিতীয়খন মেচতো জয়ৰ গতি ধৰি ৰখাই মূল লক্ষ্য টীম ইণ্ডিয়াৰ। ঘৰৰ মাটিত শৃংখলা দখলৰ বাবে টীম ইণ্ডিয়াৰ শিবিৰত চলিছে বিশেষ কুছকাৱাজ। 

Advertisment

আজিৰ এই মেচখনৰ মূল একাদশত বিশেষ সালসলনি নহ’লেও স্পীন আক্ৰমণত গুৰুত্ব দিব সূৰ্যকুমাৰ বাহিনীয়ে। কিয়নো চেন্নাইৰ চিদম্বৰমৰ স্পীন বান্ধৱ পিটছৰ বিষয়ে সকলোৱে জ্ঞাত। একেদৰে প্ৰতিপক্ষ ইংলেণ্ডেও স্পীন আক্ৰমণেৰে ভাৰতীয় বেটাৰক বান্ধি ৰখাৰ বাবে ৰচনা কৰিছে ৰণকৌশল।

উল্লেখযোগ্য যে ইডেনত বিস্ফোৰক বেটিঙৰে দলৰ জয়ত অন্যতম ভূমিকা লোৱা প্ৰতিভাৱান বেটাৰ অভিষেক শৰ্মাৰ ওপৰত দৃষ্টি থাকিব সকলোৰে। তাৰোপৰি স্পীন বলিং আক্ৰমণৰ দায়িত্বত থাকিব অক্ষৰ পেটেল আৰু বৰুণ চক্ৰৱৰ্তী। তেওঁলোক দুয়োৰে সহযোগী হিচাপে থাকিব ৰবি বিষ্ণই। 

ইফালে প্ৰথম মেচৰ পৰাজয়ৰ কথা পাহৰি প্ৰত্যাৱৰ্তনৰ লক্ষ্য লৈছে আলহী দল ইংলেণ্ডে। সেয়ে মূল একাদশত এগৰাকী অতিৰিক্ত স্পীনাৰ খেলোৱাৰ ইংগিত দিছে বাটলাৰ বাহিনীয়ে। আজিৰ মেচৰ সময় সন্ধিয়া ৭-০০ বজা।

Chennai cricket ind vs eng bcci team india